মৰাণ, 27 এপ্ৰিল : বৃহস্পতিবাৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী(PM Modi's Assam visit) । কেইবাটাও কাৰ্যসূচী হাতত লৈ অসমৰ কাৰ্বি আংলং আৰু ডিব্ৰুগড় জিলাত উপস্থিত হ'ব মন্ত্ৰীগৰাকী । প্ৰধানমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ পৰাই ডিব্ৰুগড় কেন্সাৰ হাস্পতালৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানৰ মুঠ 7 খন কেন্সাৰ হাস্পতাল ভাৰ্চুৱেলী উদ্বোধন কৰিব(PM Modi to inaugurate cancer hospitals in Assam) । ইয়াৰ লগতে তেওঁ ডিব্ৰুগড়ৰ পৰাই কেইবাখনো মেডিকেলৰ আধাৰশিলা স্থাপন কৰিব বুলি জানিব পৰা হৈছে ৷
প্ৰধানমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ খনিকৰস্থিত পুলিচ ৰিজাৰ্ভ খেলপথাৰত এখন জনসভাতো অংশগ্ৰহণ কৰিব ৷ প্ৰধানমন্ত্ৰীৰ আগমণক লৈ ইতিমধ্যে প্ৰস্তুতি তুংগত কৰি তুলিছে ৰাজ্য চৰকাৰৰ লগতে জিলা প্ৰশাসনে (Preparation of PMs meeting in Dibrugarh) । সকলো কাম-কাজ বুজ লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী আৰু বিধায়কসকলে ।
অন্যহাতে এই জনসভাত অংশগ্ৰহণৰ কাৰণে মৰাণ আৰু টিংখং বিধানসভা সমষ্টিত দেখিবলৈ পোৱা গৈছে শ শ বাছৰ ভিৰ ।
বুধবাৰে পুৱা মৰাণত মোডীৰ সভাৰ বাবে সমষ্টিবাসীক নিবলৈ প্ৰায় দুই শতাধিক বাছে ভিৰ কৰা পৰিলক্ষিত হয় । সমান্তৰালকৈ টিংখাং বিধানসভা সমষ্টিটো একেই পৰিবেশ । প্ৰায় বিশ হাজাৰ লোকক টিংখাং সমষ্টিৰ পৰা মোডীৰ সভাত অংশগ্ৰহণ কৰোৱাৰ লক্ষ্যৰে মঙলবাৰৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শ শ বাছ আহি উপস্থিত হৈছেহি । মুঠৰ ওপৰত মোডীৰ জনসভা সফল কৰি তোলাৰ বাবে বিজেপি কৰ্মীৰ অহৰহ প্ৰচেষ্টা চলাই থকা পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক : PM Modi's Assam visit : ডিব্ৰুগড়ত প্ৰস্তুতিৰ অন্তিম বুজ ল'লে সোণোৱাল-মহন্তই