ডিব্ৰুগড়, 10 মাৰ্চ : কৰ'ণাভাইৰাছ আতংকই হোলী উৎসৱৰ উচাহত প্ৰভাৱ পেলোৱাৰ মাজতে মঙলবাৰে ৰাইজলৈ বাৰ্তা প্ৰেৰণ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ হোলীৰ শুভেচ্ছা জনাই মুখ্যমন্ত্ৰীয়ে ক'লে, "ৰাইজৰ ওচৰত মোৰ বিনম্ৰ অনুৰোধ যাতে এই হোলী উৎসৱত আমাৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে দিয়া পৰামৰ্শ সকলোৱে অত্যন্ত শৃংখলাবদ্ধভাৱে মানি চলে ৷ মোৰ দৃঢ় বিশ্বাস অসমৰ ৰাইজে এই বিষয়টোত গুৰুত্ব দিব ৷"
তেওঁ লগতে কয় যে, পৱিত্ৰ হোলী উৎসৱে মানুহৰ মনত আন্তৰিকতা, সৎ ভাৱনা আৰু বন্ধুত্বৰ ভাৱশক্তি অধিক শক্তিশালী কৰি তুলিব আৰু এই উৎসৱৰ যোগেদি আমাৰ সাতামপুৰুষীয়া শান্তি-সম্প্ৰীতি, ভাতৃত্ববোধ জীয়াই ৰাখিবলৈ অধিক উৎসাহেৰে আগন্তুক দিনৰ বাবে অগ্ৰসৰ হ'ম ৷
ডিব্ৰুগড়ৰ লক্ষ্মীনগৰস্থিত নিজগৃহৰ চোতালৰ পৰা ৰাজ্যবাসীলৈ এই বাৰ্তা প্ৰেৰণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ পাছতেই তেওঁ লখিমপুৰৰ আন এক কাৰ্যসূচীলৈ ৰাওনা হয় ৷
আৰু পঢ়ক : কৰ’ণা ভাইৰাছৰ আতংকক নেওচি তিনি বন্ধুৰ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ