ETV Bharat / city

প্ৰয়াত শৰৎ শইকীয়াৰ সমাধিক্ষেত্ৰত উদ্যান নিৰ্মাণৰ ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - LATE SARAT SAIKIA

মাহমৰা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত শৰৎ শইকীয়াৰ বাসগৃহত সোমবাৰে উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ শইকীয়াৰ পৰিয়ালবৰ্গৰ সৈতে মিলিত হোৱাৰ পাছতে মন্ত্ৰী শৰ্মাই ঘোষণা কৰে যে, প্ৰয়াত শইকীয়াৰ সমাধি স্থানত এখন উদ্যান নিৰ্মাণ কৰা হ'ব ।

প্ৰয়াত শৰৎ শইকীয়াৰ সমাধিক্ষেত্ৰত উদ্যান নিৰ্মাণৰ কথা ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
author img

By

Published : Sep 17, 2019, 1:48 PM IST

ডিব্ৰুগড়, 17 ছেপ্তেম্বৰ : মাহমৰা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত শৰৎ শইকীয়াৰ বাসগৃহত সোমবাৰে নিশা 9 বজাত উপস্থিত হয় ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানী মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ৷ শৰৎ শইকীয়াৰ মৃত্যুৰ সময়ত ব্যস্ততাৰ বাবে তেওঁৰ বাসগৃহত উপস্থিত হ'ব নোৱাৰা বাবে সোমবাৰে উপস্থিত হৈ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ কংগ্ৰেছ চৰকাৰৰ দিনত তিনিবাৰকৈ মাহমৰা সমষ্টিৰ বিধায়ক হোৱা শৰৎ শইকীয়াৰ অকাল মৃত্যুত দুখ প্ৰকাশ কৰাৰ লগতে শৰৎ শইকীয়াৰ স্মৃতি ৰক্ষাৰ্থে বিভিন্ন ধৰণৰ পৰিকল্পনা গ্ৰহণ কৰা হ'ব বুলি পৰিয়ালক অৱগত কৰে মন্ত্ৰীগৰাকীয়ে ৷

সমাধি স্থানত এখন উদ্যান নিৰ্মানৰ ঘোষণা
প্ৰয়াত শৰৎ শইকীয়াৰ বাসগৃহত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

শইকীয়াৰ পৰিয়ালবৰ্গৰ সৈতে মিলিত হোৱাৰ পাছতে মন্ত্ৰী শৰ্মাই ঘোষণা কৰে যে, প্ৰয়াত শইকীয়াৰ সমাধি স্থানত এখন উদ্যান নিৰ্মাণ কৰা হ'ব । লগতে তেওঁ মন্তব্য কৰে যে, এই উদ্যানৰ কাম অতি কম সময়ৰ ভিতৰতে আৰম্ভ হ'ব । এই সময়ছোৱাত শৰ্মাৰ লগত উপস্থিত আছিল ৰাজ্যসভাৰ সদস্য কামাখ্যা প্ৰসাদ তাচা, বিধায়ক যোগেন মহন আৰু চক্ৰধৰ গগৈ । শৰৎ শইকীয়াৰ পৰিয়ালৰ পৰা বিদায় লৈ মন্ত্ৰীজনে বিধায়ক যোগেন মহন আৰু চক্ৰধৰ গগৈৰ পৰা সমষ্টিৰ উন্নয়ন সম্পৰ্কে বুজ লয় ।‌

Intro:

মাহমৰা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত শৰৎ শইকীয়াৰ ঘৰত আজি নিশা ৯ বজাত আহি উপস্থিত হয় বিত্ত স্বাস্থ্য আৰু গড়কাপ্তানী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা । প্ৰয়াত শৰৎ শইকীয়া স্বৰ্গগামী হোৱাৰ সময়ত তেওঁ পৰিয়ালৰ খবৰ লবলৈ ব্যস্ততাৰ কাৰণে সময় নোপোৱাত আজি মন্ত্ৰী জনে প্ৰয়াত বিধায়ক গৰাকীৰ ঘৰত উপস্থিত হৈ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে । যিহেতু কংগ্ৰেছ চৰকাৰৰ দিনত শৰৎ শইকীয়া তিনিবাৰকৈ মাহমৰা সমষ্টিৰ বিধায়ক আছিল| সেই সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ দলৰে স্বাস্থ্যকে ধৰি বহু কেইটা বিভাগৰ মন্ত্ৰী আছিল গতিকে একেলগে ৰাজনৈতিক জীৱন পাৰ কৰা প্ৰয়াত বিধায়ক জনৰ অকাল মৃত্যুত দুখ প্ৰকাশ কৰি আজি পৰিয়ালৰ ওচৰত সমবেদনা জ্ঞাপন কৰাৰ লগতে শৰৎ শইকীয়াৰ স্মৃতি ৰক্ষা কাৰণে বিভিন্ন ধৰণৰ পৰিকল্পনাৰ কথা আলোচনা কৰে মন্ত্ৰী জনে । পৰিয়ালৰ লগত আলোচনাৰ পাছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে প্ৰয়াত শৰৎ শইকীয়াৰ সমাধি স্থানত এখন উদ্যান নিৰ্মান কৰা হ'ব । লগতে কয় এই উদ্যানৰ কাম কম দিনৰ ভিতৰতে আৰম্ভ হ'ব । ড° হিমন্ত বিশ্ব শৰ্মাৰ লগত উপস্থিত আছিল ৰাজ্যসভাৰ সদস্য কামাখ্যা প্ৰসাদ তাচা , বিধায়ক যোগেন মোহন, চক্ৰধৰ গগৈ । শৰৎ শইকীয়াৰ পৰিয়ালৰ পৰা বিদায় লৈ মন্ত্ৰী জনে বিধায়ক যোগেন মোহন আৰু চক্ৰধৰ গগৈৰ পৰা সমষ্টিৰ উন্নয়ন সৰ্ম্পকে বুজ লয় ।‌Body:ঐConclusion:ঐ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.