মৰাণ, 20 জুন : কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দেওবাৰে ৫২ সংখ্যক মৃত্যু তিথি । ৰাজ্যজুৰি স্মৰণ কৰা হৈছে কলাগুৰুজনাক ৷ কলাগুৰুজনাৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি অসম গণ পৰিষদ আৰু যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে মৰাণ সমষ্টি সমিতিৰ উদ্যোগত মৰাণত সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় ৷
সেইমৰ্মে মৰাণৰ কোটোহা গাঁও পঞ্চায়তৰ অন্তৰ্গত কোটোহা নগাঁৱৰ নিবাসী তথা কলা-সংস্কৃতিৰ সাধক দুৰ্লভ বুঢ়াগোঁহাইক নিজা বাসগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় । উল্লেখ্য যে, ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্টুপীয়াকৈ আয়োজন কৰা অনুষ্ঠানত অসম গণ পৰিষদ মৰাণ সমষ্টি সমিতিৰ সভাপতি সঞ্জীৱ বৰুৱা, যুৱ পৰিষদ মৰাণ সমষ্টি সমিতিৰ সভাপতি অতুল দত্তৰ লগতে মিত্ৰদলৰ নেতা-কৰ্মীসকল উপস্থিত থাকে ।
এখনি গামোচা, চেলেং চাদৰ আৰু এখনি সম্বৰ্ধনা পত্ৰৰে কলা-সংস্কৃতিৰ সাধকগৰাকীক সম্বৰ্ধনা জনোৱা হয় । সম্বৰ্ধনা গ্ৰহণ কৰি কলা সংস্কৃতিৰ সাধক দুৰ্লভ বুঢ়াগোঁহাইয়ে উপস্থিত ৰাইজক উদ্দেশ্যি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ উল্লেখ্য যে, ৰাজ্যত ক’ভিড পৰিস্থিতিৰ মাজতে বিভিন্ন কাৰ্যসূচী ৰাভা দিৱস পালন কৰা হয় ৷
১৯০৯ চনৰ ৩০ জানুৱাৰীত এতিয়াৰ বাংলাদেশৰ ঢাকাত বিশিষ্ট শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল । ১৯৬৯ চনৰ ২০ জুনৰ নিশা ২.২৫ বজাত তেজপুৰত এইগৰাকী স্বনামধন্য অসম সন্তানৰ মৃত্যু হয় ৷ অসমৰ সমাজ জীৱনক সমৃদ্ধ কৰাত অগ্ৰণী ভূমিকা পালন কৰাৰ ক্ষেত্ৰত সদায় আগভাগ লোৱা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ দিনটোক প্ৰতিবছৰে 'ৰাভা দিৱস' হিচাপে পালন কৰা হয় ।
লগতে পঢ়ক : অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান বিভাগৰ কাৰ্যালয়ত মন্ত্রী ৰণজিৎ দাস