ETV Bharat / city

মাওবাদে পোখা মেলিছে ৰাজ্যত; টাৰ্গেটত চাহ বাগিছা অঞ্চল

author img

By

Published : Apr 4, 2022, 10:33 AM IST

ৰাজ্যৰ নিৰাপত্তা দিশটোৰ বাবে এক চাঞ্চল্যকৰ খবৰ ৷ গোপনে ৰাজ্যত খোপনি পুতিছে মাওবাদীয়ে ৷ দেওবাৰৰ দিনটোত তিনিগৰাকীকৈ মাওবাদী সদস্য আটক হৈছে ৰাজ্যত (Maoist leader nabbed in Assam) ৷ মাওবাদীৰ কেন্দ্ৰীয় কমিটিৰ সদস্য কাঞ্চন দাৰ পৰা বৰ্তমান সৰস্বতীলৈকে ৰাজ্যত মাওবাদী নেতা-সদস্য আটক হোৱা ঘটনাই চিন্তিত কৰি তুলিছে আৰক্ষী প্ৰশাসনৰ লগতে সচেতন মহলকো ৷

Assam police arrests Maoist Saraswati Orangfrom Sasani

মৰাণ, 4 এপ্ৰিল : মাওবাদীয়ে গোপনে ঘাটি পাতিছে ৰাজ্যত (Maoist in Assam) ৷ কিছুদিন পূৰ্বে কাছাৰ জিলাৰ পাতিমাৰা চাহ বাগিচাৰ পৰা মাওবাদীৰ কেন্দ্ৰীয় কমিটিৰ সদস্য অৰুণ কুমাৰ ভট্টাচাৰ্য ওৰফে কাঞ্চন দা (Maoist Kanchan Da arrest in Assam) ওৰফে জ্যোতিষ ওৰফে কনক (৭২) আৰু ৰাজ্যিক কমিটিৰ সদস্য আকাশ ওৰাং ওৰফে ৰাহুল ওৰফে কাজল (Maoist leader nabbed in Assam) গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ তাৰ পাচতেই পোহৰলৈ আহিছিল মাওবাদীয়ে অসমতো গোপনে খোপনি পোতাৰ তথ্য ৷

দেওবাৰে পুনৰ কৰিমগঞ্জৰ পাথাৰকান্দিৰ সোনাখিৰাৰ পৰা মাওবাদীৰ সন্দেহত NIA য়ে আটক কৰিছে এহাল স্বামী-স্ত্ৰীক (NIA detained suspected Maoist from Karimganj)। জানিব পৰা মতে সোনাখিৰা এলেকাৰ ৰাজু ওৰাং আৰু তেওঁৰ পত্নী পিংকি ওৰাঙক ঘৰৰ পৰাই NIA-ৰ এটা দলে আটক কৰিছে ৷ বিশেষকৈ চাহ বাগিছা অঞ্চল সমূহত নেটৱৰ্ক গঢ়ি তুলিছে মাওবাদীয়ে ৷

ইফালে কাছাৰৰ ওৰাং দম্পতীক আটকৰ পাচতে ডিব্ৰুগড় জিলাতো এগৰাকী মাওবাদী সদস্যক আটক কৰিছে আৰক্ষীয়ে (Maoist arrested in Dibrugarh) ৷ NIA ৰ পৰা পোৱা তথ্যৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে নাহৰকটীয়াৰ চাচনীত আটক কৰে সৰস্বতী ওৰাং নামৰ মাওবাদী সদস্যগৰাকীক (Assam police arrests Maoist Saraswati Orang from Sasani) ৷

লগতে পঢ়ক : Suspected Maoist Detain: মাওবাদীৰ সন্দেহত কৰিমগঞ্জত আটক স্বামী-স্ত্ৰী

উল্লেখ্য যে, সৰস্বতীৰ ঘৰ বৰাক উপত্যকাৰ কাছাৰ জিলাৰ মহালথল পুঞ্জী গাঁৱত ৷ নাহৰকটীয়া আৰু জয়পুৰ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই চাচনীৰ শামুকতুলা গাঁৱৰ পৰা আটক কৰে সদস্য গৰাকীক । বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে যে NIA ত চলি থকা গোচৰৰ আধাৰত এই সদস্য গৰাকীক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

কাঞ্চন দাৰ পৰা বৰ্তমান সৰস্বতীলৈকে ৰাজ্যত মাওবাদী নেতা-সদস্য আটক হোৱা ঘটনাই চিন্তিত কৰি তুলিছে আৰক্ষী প্ৰশাসনৰ লগতে সচেতন মহলকো ৷ গোপনে ৰাজ্যৰ কিছু স্থানত যে মাওবাদীয়ে সদস্য ভৰ্তি তথা মাওবাদৰ প্ৰচাৰ চলাই আছে সেয়া ইতিমধ্যে নিশ্চিত হৈ পৰিছে ৷ বিশেষকৈ চাহ বাগিছা অঞ্চল সমূহক নিজৰ লক্ষ্য কৰি লৈছে মাওবাদী সকলে (Maoists targeting tea gardens for publicity in Assam)৷

এফালে বিটিআৰ চুক্তিৰ জৰিয়তে দীৰ্ঘদিন ধৰি বড়োভূমিত অস্ত্ৰৰ জনজননি তোলা এন ডি এফ বিক শান্তিৰ মজিয়ালৈ অনাৰ পাচত আলফা স্বাধীনকো আলোচনাৰ মেজলৈ অনাৰ প্ৰয়াস কৰিছে চৰকাৰে ৷ কাৰ্বি ভূমিতো অস্ত্ৰ ত্যাগ কৰি মূল সূঁতিলৈ ঘূৰি আহিছে কেইবাটাও উগ্ৰপন্থী সংগঠন ৷ ইফালে ৰাজ্যৰ কেইবাটাও অঞ্চলৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে AFSPA ৷ কিন্তু তাৰ মাজতে এইদৰে গোপনে ৰাজ্যত মাওবাদী বা নক্সালে পোখা মেলা খোজা ঘটনাই উদ্বেগৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : অসমত মাওবাদ শক্তিশালী কৰাৰ বাবে নতুন সংবিধান ৰচনা কৰিছিল কাঞ্চন দাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.