মৰাণ, 15 মাৰ্চ: আগতেও এটুপি ধৰি কাৰ্যালয়লৈ আহে, এইবাৰ ড’জটো অলপ বেছি হ’ল ৷ লাহে লাহে গৰমৰ দিন অহাত নিচাই মুৰত ধৰাত কাৰ্যালয়ৰ টেবুলখনকে নিশাৰ বিচনা বুলি ভাবি মুৰটো থৈ শুই পৰিল সচিব মহোদয় (Drunk secretary fell asleep in office) ৷ ধুমুহা আহিলেও উঠাৰ নাম নোলোৱা মহোদয়ক সকলোৱে পাৰ্যমানে চেষ্টা কৰিলে উঠাবলৈ ৷ নাই, কামত নাহিল ৷
চৰাইদেউ জিলাৰ সাপেখাতীৰ ৰহন গাওঁ পঞ্চায়তৰ সুৰাত মগন অমিত শৰ্মা নামৰ সচিবগৰাকীয়ে দিনতে ডিঙিলৈকে গিলি কাৰ্যালয়ত উপস্থিত হ’ল ৷ উপস্থিত হৈয়ে টোপনিত লালকাল সচিব অমিত শৰ্মা । কোনোবা সময়ত যদি দীঘল হুমুনিয়াহ, কোনোবা সময়ত ঘোৰ নিদ্ৰাত । যাৰ বাবে আচম্বিত খণ্ড উন্নয়ণ বিষয়াৰ লগতে পঞ্চায়ত সভাপতি ।
উল্লেখ্য যে, ৰাজ্য চৰকাৰ গ্ৰামোন্নয়ণ বিভাগৰ সচিব প্ৰধানৰ দায়িত্বত কৰ্মৰত অমিত শৰ্মা নামৰ এই ব্যক্তিজনে পূৰ্বতেও মাদক দ্ৰব্য সেৱন কৰি কাৰ্যালয়ত উপস্থিত হোৱাৰ ঘটনা সংঘটিত হৈছে । ইয়াৰ উপৰিও কাৰ্যালয়ত অনুপস্থিত থকাৰ ঘটনাও বহুত ৷ যাৰ পৰিপ্ৰেক্ষিতত উন্নয়ণ খণ্ডৰ জড়িয়তে উপায়ুক্ত কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল অভিযোগ ।
মঙলবাৰে শৰ্মাই কাৰ্যালয়তে সুৰাৰ ৰাগিত মাতাল হৈ এনেদৰে শুই থকা প্ৰত্যক্ষ কৰে খণ্ড উন্নয়ন বিষয়াৰ লগতে পঞ্চায়ত প্ৰতিনিধিয়ে ৷ সুৰাৰ নিচাত মাতাল পঞ্চায়ত সচিবগৰাকীক বহু লোকে বাৰম্বাৰ উঠোৱাৰ চেষ্টা কৰে যদিও বিফল হয় ৷ অৱশেষত সাপেখাতী আৰক্ষী থানাৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ সচিবগৰাকীক দাঙি নি আৰক্ষীৰ গাড়ীত উঠাই চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক: অৱদেশ যাদৱৰ হত্যাকাৰীক বিহাৰৰ পৰা গ্ৰেপ্তাৰ