ETV Bharat / city

ক’ভিডৰ মাজতো খোৱাঙৰ কৃষকৰ মুখত বিৰিঙিছে হাঁহি

author img

By

Published : Jan 28, 2022, 8:00 PM IST

মৰাণৰ খোৱাঙত বুঢ়ীদিহিং চাপৰিৰ সেউজ বিপ্লৱে আনিছে আশাৰ বতৰা ৷ দেশৰ বজাৰত এতিয়া খোৱাঙৰ ৰঙালাওৰ চাহিদা ৷ মৰিগাঁৱৰ এজন যুৱকৰ প্ৰচেষ্টাত ট্ৰাকে ট্ৰাকে বহিঃৰাজ্যলৈ ৰপ্তানি খোৱাঙৰ ৰঙালাও (Farmers in Moran export pumpkins to various states of India) ৷ ইতিমধ্যে কুৰিখনতকৈ অধিক ট্ৰাকত ৰপ্তানি হৈছে খোৱাঙৰ ৰঙালাও ৷

pumpkin-export-from-khowang-dibrugarh
ক’ভিডৰ মাজতো খোৱাঙৰ কৃষকৰ মুখত বিৰিঙি উঠিছে হাঁহি

মৰাণ, 28 জানুৱাৰী : কপালৰ ঘাঁম মাটিত পেলাই কৰা ৰঙালাও খেতিয়ে এতিয়া হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে ডিব্ৰুগড়ৰ কৃষকসকলৰ (Agricultural revolution in Khowang) ৷ এইবাৰ ডিব্ৰুগড় খোৱাঙৰ পৰা বিশ্ব বজাৰলৈ ট্ৰাকে ট্ৰাকে ৰপ্তানি হৈছে ৰঙালাও (Pumpkin export from Khowang) ৷ যাক লৈ কৃষকৰ মুখত বিৰিঙিছে হাঁহি । এইক্ষেত্ৰত বিশেষভাৱে আগভাগ লৈছে মৰিগাঁ‌ৱৰ ৰৈচুদ্দিন আলি নামৰ যুৱক এজনে ৷

জানিব পৰা মতে, এইবাৰ ডিব্ৰুগড় জিলাৰ খোৱাঙৰ বুঢ়ীদিহিং চাপৰিত শ শ কৃষকে কৰিছিল ৰঙালাও খেতি । পিছে বিক্ৰীৰ বাবে নাছিল কোনো উপযুক্ত বজাৰ ৷ যাৰ বাবে কৃষক সকলে পানীৰ দৰত ডিব্ৰুগড়, বৰবৰুৱা, মৰাণ, খোৱাং আদি বজাৰত ৰঙালাও বিক্ৰী কৰিব লগা হৈছিল । কৃষকৰ এই দুৰ্দশাৰ কথা মৰিগাঁ‌ৱৰ ৰৈচুদ্দিন আলি নামৰ যুৱকজনে জানিব পাৰি খোৱাঙৰ দুজনমান যুৱকৰ লগত লগ লাগি এই ৰঙালাওসমূহ বহিঃৰাজ্যলৈ নিয়াৰ পৰিকল্পনা কৰিলে । এই পৰিকল্পনাই খোৱাঙৰ কৃষকসকলৈ লৈ আনিছে আশাৰ বতৰা ৷

যুৱকজনৰ এই পৰিকল্পনা অনুসৰি খোৱাঙৰ কৃষকসকলৰ সপোনবোৰ যেন লাহে লাহে বাস্তৱলৈ ৰূপান্তৰিত হ’বলৈ আৰম্ভ কৰিলে ৷ খোৱাঙৰ ৰঙালাও এতিয়া প্ৰতিদিনে প্ৰতি কেজিত ৭ টকা দৰত দিল্লী, উত্তৰ প্ৰদেশ আদি ৰাজ্যলৈ ৰপ্তানি হয় (Khowang Pumpkin farmers are getting better) ৷ ইতিমধ্যে 14 খন ট্ৰাকত বহিঃৰাজ্যলৈ ৰপ্তানি হৈছে খোৱাঙৰ ৰঙালাও ৷

এইদৰে কোনো বিশেষ কষ্টৰ সন্মুখীন নোহোৱাকৈ বাৰীৰ পৰাই ওজন কৰি ৰঙালাওসমূহ বিক্ৰী কৰিব পৰা হোৱাত আনন্দিত অঞ্চলটোৰ কৃষকসকল । কৃষি বিভাগৰ কোনো ধৰণৰ সহাঁৰি নোহোৱাকৈ লগতে গাঁও সেৱকৰ ছাঁটোকে দেখি নোপোৱা খোৱাঙৰ কৃষকসকলে সম্পূৰ্ণ নিজা প্ৰচেষ্টাত কৰা খেতিডৰাৰ ফচল উচিত মূল্যত বহিঃৰাজ্যলৈ ৰপ্তানি হোৱাত যথেষ্ট সুখ অনুভৱ কৰিছে ৷ লগতে আগন্তুক বৰ্ষকেইটাতো এইদৰে নিৰ্ভয়ে এই খেতিত মনোনিৱেশ কৰিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে কৃষকসকলে ৷

লগতে পঢ়ক : Protest in Gauhati University: পৰীক্ষা পিছুৱাই দিয়াৰ দাবীত গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.