মৰাণ,21 জুলাই : বুধবাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ-উল-আজহা (Eid-ul-Azha) বা ঈদ-উজ-জোহা (Eid-ul-Azha) ৷ মানৱ প্ৰেম আৰু ভাতৃত্ববোধৰ অনুভূতিৰে মুছলমানধৰ্মাৱলম্বী লোক সকলে উদযাপন কৰে পবিত্ৰ ঈদ-উজ-জোহা (Eid-ul-Azha)৷ কিন্ত পূৰ্বৰ জাকজমকতাৰে উদযাপন কৰিব পৰা নাই এইবেলি ঈদ( Eid) ৷ কাৰণ কৰ'ণা সৃষ্ট পৰিৱেশৰ বাবে চৰকাৰে জাৰি কৰিছে লকডাউনৰ (Lock Down) ব্যৱস্থা ৷
ক'ভিড-19 (Covid-19) ৰ ভয়াৱহ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এইবাৰো ইছলাম ধৰ্মালম্বীলোকসকলে অনুষ্টুপীয়াকৈ ঘৰতে উদযাপন কৰিবলগীয়া হৈছে পবিত্ৰ ঈদ-উজ-জোহা ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাৰ মৰাণতো ইছলাম ধৰ্মালম্বীলোকে ঘৰতে নামাজ পঢ়ি ঈদ-উজ-জোহা উদযাপন কৰা পৰিলক্ষিত হৈছে । ক'ভিড পৰিস্থিতিৰ বাবে ঈদৰ দিনটোত মৰাণৰ পিয়লি নগৰ ঈদগাহ ময়দানৰ লগতে সকলো ময়দানেই উকা হৈ ৰয় ।
ক'ভিড মহামাৰীৰ বাবে ঈদ-উজ-জোহা উদযাপনৰ ক্ষেত্ৰতো চৰকাৰে ক'ভিড প্ৰটকল( Covid Protocol) বান্ধি দিছে । এনে পৰিপ্ৰেক্ষিতত মছজিদ সমূহত পাঁচজনলোকে নামাজত অংশ গ্ৰহণ কৰিব পাৰিব বুলি চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে ৷ মৰাণৰ মছজিদ কমিটি সমূহেও ক'ভিড প্ৰট'কল( Covid protocol) মানি ঈদ-উজ-জোহা উদযাপন কৰা পৰিলক্ষিত হয় ।
বিগত দুটা বছৰে মৰাণৰ ইছলাম ধৰ্মাৱলম্বী সকসকলে মছজিদৰ সলনি ঘৰতে পালন কৰি আহিছে ঈদ-উজ- জোহা । ৰাজ্যবাসীৰ সুখ শান্তি কামনা কৰি আল্লাৰ ওচৰত দোৱা কৰিলে মৰাণৰ ইছলাম ধৰ্মাৱলম্বী লোক সকলে ।
পবিত্ৰ ঈদ উপলক্ষ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)য়েও ৰাজ্যবাসীক শুভেচ্ছা জনাইছে ৷ সকলো ইছলামধৰ্মী লোকক এইবাৰ মছজিদৰ পৰিৱৰ্তে ঘৰতে নামাজ পঢ়াৰ বাবে আহ্বান জনায় ৷
লগতে পঢ়ক-ক’ভিড নীতিৰ মাজেৰে পালন পবিত্ৰ ঈদ-উল-আজহা