ETV Bharat / city

বস্ত্ৰ উদ্যোগৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা লাভ হৰ্ষজিৎ সন্দিকৈৰ

ডিব্ৰুগড়ৰ শিক্ষিত যুৱকে বস্ত্ৰ উদ্যোগৰ জৰিয়তে প্ৰতিষ্ঠা লাভ কৰিছে বিশ্ব দৰবাৰত ৷ ২০১৩ বৰ্ষতে "জাংছাই এথনিকছ" নামৰে এটি বস্ত্ৰ উদ্যোগ গঢ়ি তুলিছিল যুৱকজনে ৷ বস্ত্ৰ উদ্যোগৰ জৰিয়তে স্বাৱলম্বী ডিব্ৰুগড়ৰ এজন শিক্ষিত যুৱক ৷

author img

By

Published : Aug 3, 2021, 8:46 AM IST

educated youth from dibrugarh assam got established through textile work
বস্ত্ৰ উদ্যোগৰ জৰিয়তে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ এজন শিক্ষিত যুৱকৰ

মৰাণ, 3 আগষ্ট : বস্ত্ৰ উদ্যোগৰ (Textile Industry) জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন এগৰাকী ব্যক্তিৰ ৷ চৰকাৰী চাকৰিৰ বাবে আশা নকৰি ডিব্ৰুগড় (Dibrugarh)ৰ হৰ্ষজিৎ সন্দিকৈ নামৰ উচ্চ শিক্ষিত যুৱকজনে ২০১৩ বৰ্ষতে সপোন দেখিছিল নিজেই কিবা এটা কৰ্ম কৰাৰ ৷ স্বাৱলম্বী হোৱাৰ লগতে আন দহ জনকো সংস্থাপিত কৰাৰ প্ৰৱল হেঁপাহ হৰ্ষজিৎৰ ।

ফুলাম গামোছা

প্ৰচণ্ড কৰ্মোদ্যমী হৰ্ষজিতে প্ৰৱল মানসিক শক্তিৰে নিজকে সাজু কৰিছিল জীৱনৰ কঠিন বাটত যাত্ৰাৰ বাবে । আৰম্ভ কৰিছিল কঠোৰ সংগ্ৰাম । দীৰ্ঘদিনীয়া বহু সমস্যাৰ মাজত তেওঁ একক প্ৰচেষ্টাৰে ডিব্ৰুগড়ত গঢ়ি তুলিলে "জাংছাই এথনিকছ" নামৰে এটি বস্ত্ৰ উদ্যোগ । ডিব্ৰুগড়ৰ লেজাইৰ লগতে ভিন্ন স্থানত বহু কেইটা বস্ত্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি যুৱকজনে ৪৫ গৰাকী শিপিনী আৰু বহু যুৱকক কৰ্ম সংস্থাপন দিবলৈ সক্ষম হয় হৰ্ষজিৎ ৷

লগতে পঢ়ক - মহাবিদ্যালয়ত আসনৰ সংখ্যা বৃদ্ধিৰ আহ্বান ডিব্ৰুগড় আছুৰ

টাই আহোম সাজপাৰৰ লগতে অসম ভিন্ন জাতি-জনগোষ্ঠীয় বস্ত্ৰ, পাট আৰু মুগাৰ সাজ তৈয়াৰ কৰি দেশৰ বিভিন্ন স্থানৰ লগতে এছিয়া (Asia) মহাদেশৰ নানা দেশ, কুৱেইট, ম্যানমাৰ, চীন, লাউচ, থাইলেণ্ড, ভিয়েটনাম আদি দেশত বৰ্তমান অসমীয়া বস্ত্র যোগান ধৰি লাভ কৰিছে বিশেষ সমাদৰ । ইয়াৰ লগে লগে হৰ্ষজিৎ সন্দিকৈয়ে ভ্ৰাম্যমাণ থিয়েটাৰ, অসমীয়া বোলছবি, বিভিন্ন দৃশ্য গীতত নিজৰ প্ৰতিষ্ঠানৰ তৈয়াৰী বস্ত্ৰ যোগান ধৰি আহিছে বহু দিনৰ পৰাই ।

কোনো চৰকাৰী সাহায্য নোলোৱাকৈ প্ৰতিষ্ঠা কৰা উদ্যোগত এতিয়া ক'ভিড পৰিস্থিতিৰ বাবে আহি পৰিছে নানা ধৰণৰ সমস্যা । ইয়াৰোপৰি, ইউৰোপ (Europe) মহাদেশৰ বিভিন্ন ঠাইত অনুষ্ঠিত হ'বলগীয়া বস্ত্ৰ প্ৰদৰ্শনীলৈ নিমন্ত্ৰিত হৈও যুৱকজনে অংশ লোৱাৰ পৰাও বঞ্চিত হৈছে বুলিও জানিবলৈ দিয়ে ।

তথাপিও অসমৰ ভিন্ন জাতি-জনগোষ্ঠীয় সাজ-পাৰ প্ৰস্তুত কৰি ডিব্ৰুগড়ৰ হৰ্ষজিৎ সন্দিকৈয়ে চলাই গৈছে এক অৰ্থনৈতিক সংগ্ৰাম । এগৰাকী ব্যক্তিৰ মনত উদ্যম আৰু একাগ্ৰতা থাকিলে কঠিন কামো সহজে সম্পাদন কৰিব পাৰে, যি আন দহজনৰ বাবে আদৰ্শ হ’ব পাৰে ৷ তাৰেই উদাহৰণ হৰ্ষজিৎ সন্দিকৈ ৷

লগতে পঢ়ক - লাভলীনাই অসমৰ বাবে সোণ বুটলি অনাৰ আশা লুৰিণৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.