ETV Bharat / city

ডিব্ৰুগড়ত কোভিড আক্ৰান্ত হৈ আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষকৰ মৃত্যু

80ৰ দশকতে শদিয়াত প্ৰথম চিকিৎসা সেৱাত আত্মনিয়োগ কৰা চিকিৎসকগৰাকী অসম চিকিৎসা মহাবিদ্যালয়ৰ এক গুৰুত্বপূৰ্ণ পদতো অধিষ্ঠিত আছিল । পাছত লেজাই আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষকৰ পদত নিযুক্তি লাভ কৰিছিল ডাঃ ৰাজকোঁৱৰে । বৰ্তমান ডিব্ৰুগড় চহৰৰ মিলন নগৰত স্থায়ীভাৱে থাকিবলৈ লোৱা চিকিৎসকগৰাকীৰ জন্ম হৈছিল দুলীয়াজানৰ ৰূপহী কোঁৱৰ গাঁৱত ।

author img

By

Published : Sep 4, 2020, 11:47 PM IST

ডিব্ৰুগড়ত কোভিড আক্ৰান্ত হৈ আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষকৰ মৃত্যু
ডিব্ৰুগড়ত কোভিড আক্ৰান্ত হৈ আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষকৰ মৃত্যু

ডিব্ৰুগড়, 4 ছেপ্টেম্বৰ : সু-চিকিৎসক,ডিব্ৰুগড় লেজাই কলাখোৱা আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষক এগৰাকী অন্যতম COVID যুঁজাৰু ডাঃ অপূৰ্ব ৰাজকোঁৱৰৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু হয় ।অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় বিশিষ্ট চিকিৎসকজনৰ । এগৰাকী সু-চিকিৎসক ৰূপে পৰিচিত ডাঃ ৰাজকোঁৱৰৰ যোৱা মঙলবাৰ পৰা স্বাস্থ্যৰ অৱনতি ঘটিছিল ৷ প্ৰথমে ডিব্ৰুগড়ৰ সঞ্জীৱনি নাৰ্চিং হোমত চিকিৎসা কৰোৱাৰ পাছত অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছিল ।

ডাঃ অপূৰ্ব ৰাজকোঁৱৰ
ডাঃ অপূৰ্ব ৰাজকোঁৱৰ

উল্লেখ্য যে 80ৰ দশকতে শদিয়াত প্ৰথম চিকিৎসা সেৱাত আত্মনিয়োগ কৰা চিকিৎসকগৰাকী অসম চিকিৎসা মহাবিদ্যালয়ৰ এক গুৰুত্বপূৰ্ণ পদতো অধিষ্ঠিত আছিল । পাছত লেজাই আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষকৰ পদত নিযুক্তি লাভ কৰিছিল ডাঃ ৰাজকোঁৱৰে । বৰ্তমান ডিব্ৰুগড় চহৰৰ মিলন নগৰত স্থায়ীভাৱে থাকিবলৈ লোৱা চিকিৎসকগৰাকীৰ জন্ম হৈছিল দুলীয়াজানৰ ৰূপহী কোঁৱৰ গাঁৱত ।

ডাঃ অপূৰ্ব ৰাজকোঁৱৰৰ  অন্তিম সৎকাৰ
ডাঃ অপূৰ্ব ৰাজকোঁৱৰৰ অন্তিম সৎকাৰ

ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই এএমচিএইচত মৃত্যুবৰণ কৰা ডিব্ৰুগড় জিলাৰ লেজাই কলাখোৱা আদৰ্শ চিকিৎসালয়ৰ উপ-অধীক্ষক ডাঃ অপূৰ্ব ৰাজকোঁৱৰৰ দুলীয়াজানৰ ভাদৈ পাঁচআলি ৰূপহী কোঁৱৰ গাঁৱত সম্পন্ন হোৱা অন্তিম সৎকাৰ অনুষ্ঠানত উপস্থিত থাকে ৷ তেওঁ ডিব্ৰুগড় জিলা প্ৰশাসনৰ হৈ প্ৰয়াত চিকিৎসকগৰাকীক অন্তিম শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷

ডাঃ অপূৰ্ব ৰাজকোঁৱৰৰ  অন্তিম সৎকাৰ
ডাঃ অপূৰ্ব ৰাজকোঁৱৰৰ অন্তিম সৎকাৰ

উপায়ুক্ত ঝাই লগতে এক শোক বাৰ্তাত উল্লেখ কৰে যে লেজাই কলাখোৱা আদৰ্শ চিকিৎসালয়ৰ উপ-অধীক্ষক ডাঃ অপূৰ্ব ৰাজকোঁৱৰৰ আজি পুৱা হোৱা আকস্মিক বিয়োগত সকলোৱে গভীৰভাৱে মমাৰ্হত হৈছে ৷ চৰকাৰী চিকিৎসা সেৱাখণ্ডৰ সৈতে জড়িত হৈ ডাঃ ৰাজকোঁৱৰে বিগত সময়চোৱাত উৎসৰ্গিত মনোভাৱৰে সমাজৰ সকলো স্তৰৰ লোকক চিকিৎসা সেৱা আগবঢ়াই আহিছিল ৷ কোভিড-19 প্ৰতিৰোধী যুঁজতো ডাঃ ৰাজকোঁৱৰৰ অৱদান আছিল অতিকৈ উল্লেখনীয় ৷ কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ আগমুহূৰ্ত পৰ্যন্ত তেওঁ লেজাই কলাখোৱা আদৰ্শ চিকিৎসালয়ত উপ-অধীক্ষকৰ দায়িত্বত থাকি কোভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত যি সেৱা আগবঢ়ালে,সেয়া সকলোৰে মনত চিৰস্মৰণীয় হৈ ৰ’ব ৷ এইগৰাকী চিকিৎসকৰ বিয়োগ আমাৰ জিলাৰ বাবে এক অপূৰণীয় ক্ষতি ৷

উপায়ুক্ত ঝাই লগতে প্ৰয়াত ডাঃ অপূৰ্ব ৰাজকোঁৱৰৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ৷

লগতে পঢ়ক : 30 ছেপ্টেম্বৰলৈকে বন্ধ থাকিব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.