ডিব্ৰুগড়, 9 নৱেম্বৰ: উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পুনৰ সংঘটিত হ'ল আত্মহত্যাৰ ঘটনা ৷ এইবাৰ ব্যক্তিগত হোষ্টেলত আত্মহত্যা কৰিলে বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ পাঁচ বছৰীয়া সংহত পাঠ্যক্ৰমৰ সপ্তম ষান্মাষিকৰ ছাত্ৰ লক্ষ্যজ্যোতি গগৈ নামৰ ছাত্ৰজনে ৷ হোষ্টেলৰ ৰুমত উলমি থকা অৱস্থাত উদ্ধাৰ হ'ল মেধাৱী ছাত্ৰজনৰ মৃতদেহ ৷ মৃত লক্ষ্যজ্যোতিৰ ঘৰ ধেমাজিত ৷ কিছুদিনৰ পৰা ল'ৰাজন হতাশাত ভুগি আছিল বুলি ছাত্ৰজনৰ ঘনিষ্ঠ সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷ উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে বিশ্ববিদ্যালয়ৰ এটা ছাত্ৰী নিবাসত ৰহস্যজনক অৱস্থাত আত্মহত্যা কৰিছিল এগৰাকী মেধাৱী ছাত্ৰীয়ে ৷
লগতে চাওকঃমধ্যাহ্ন ভোজনৰ আহাৰ খাই লখিমপুৰ আৰু তিনিচুকীয়াত অসুস্থ ছাত্ৰ-ছাত্ৰী