ETV Bharat / city

অচিৰেই নতুন মাত্ৰা লাভ কৰিব ডিব্ৰুগড় পৌৰসভাই

পৌৰসভা নিৰ্বাচনৰ পাচতেই ভালখবৰ আহিব ডিব্ৰুগড় চহৰলৈ ৷ চৰকাৰে ইতিমধ্যে ঘোষণা কৰিলেই ৷ মন্ত্ৰী অশোক সিংঘালেও বৃহস্পতিবাৰে ডিব্ৰুগড়ত উপস্থিত হৈ দিলে আশ্বাস (Ashok Singhal in Dibrugarh) ৷ মুঠতে পৌৰসভা নিৰ্বাচন যোৱাৰ পাচতেই ডিব্ৰুগড় পৌৰসভাই নতুন মাত্ৰা লাভ কৰিব ৷

Ashok Singhal in Dibrugarh
Ashok Singhal in Dibrugarh
author img

By

Published : Mar 4, 2022, 1:58 PM IST

মৰাণ, 4 মাৰ্চ : পৌৰ নিৰ্বাচনৰ পিছতে ডিব্ৰুগড় পৌৰসভাই লাভ কৰিব নতুনত্ব । পৌৰ নিগমলৈ উন্নীত কৰা হ’ব ডিব্ৰুগড় পৌৰসভাক (Dibrugarh municipality to be upgrade as municipal corporation)৷ ৰাজ্য চৰকাৰে ডিব্ৰুগড় পৌৰসভাক পৌৰ নিগমলৈ উন্নীতকৰণৰ ঘোষণা কৰাৰ পিছতো পৌৰ নিগম হিচাপে নিৰ্বাচন অনুষ্ঠিত নকৰাক লৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ তাৰ মাজতে বৃহস্পতিবাৰে নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালে ডিব্ৰুগড়ত নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশ লৈ এই ঘোষণা কৰে ।

ডিব্ৰুগড় পৌৰসভাৰ ১১ নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী উজ্জ্বল ফুকনৰ হৈ চহৰখনৰ জৈন মন্দিৰত এক নিৰ্বাচনী সভাত অংশ লয় মন্ত্ৰী সিংঘালে (Ashok Singhal in election campaign)৷ ডিব্ৰুগড় চহৰত অনাগত দিনত গ্ৰহণ কৰিবলগীয়া পৰিকল্পনা সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ লগতে কয় যে, বৰ্তমান নিৰ্বাচিত প্ৰতিনিধিসকলে পৌৰ নিগমত কাৰ্য নিবাহ কৰি থাকিব । কিন্তু ইয়াৰ পৰিসৰ এতিয়াই বৃদ্ধি নকৰে । অৱশ্যে পৰৱৰ্তী নিৰ্বাচনত ৱাৰ্ডৰ পৰিসৰ বৃদ্ধি কৰিব বুলিও মন্তব্য কৰিছে অশোক সিংঘালে ।

অচিৰেই নতুন মাত্ৰা লাভ কৰিব ডিব্ৰুগড় পৌৰসভাই

এই নিৰ্বাচনী প্ৰচাৰ সভাৰ পিছতে মন্ত্ৰী গৰাকীয়ে জৈন মন্দিৰৰ পৰা এক বিশাল নিৰ্বাচনী ৰেলী বাহিৰ কৰে । চহৰখনৰ মূল বজাৰৰ হৈ এইছ এছ ৰোডলৈকে যাত্ৰা কৰি নিৰ্বাচনী ৰেলী সামৰণি মাৰে মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, অহা 6 মাৰ্চত সমগ্ৰ ৰাজ্যত অনুষ্ঠিত হ’ব পৌৰসভা নিৰ্বাচন (Municipality election in Assam) ৷ ইতিমধ্যে ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ প্ৰায় সম্পূৰ্ণ কৰিছে ৷ কিয়নো শুকুৰবাৰে নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিব ৷ শাসক-বিৰোধী উভয়ে দিবা-নিশি এক কৰি পৌৰসভা দখলৰ যুঁজত নামি পৰিছে ৷ ৰাইজে এতিয়া কাক আকোঁৱালি লয় সেয়া নিৰ্বাচনৰ ফলাফলেহে ক’ব ৷

লগতে পঢ়ক : Popularity of Congress: নগৰাঞ্চলত হ্ৰাস পাইছে নেকি কংগ্ৰেছৰ জনপ্ৰিয়তা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.