ETV Bharat / city

সময়ত বিদ্যালয়লৈ নহা শিক্ষকৰ বিৰুদ্ধে কঠোৰ হৈছে ডিব্ৰুগড়ৰ শিক্ষা বিভাগ - সময়ত বিদ্যালয়লৈ নহা শিক্ষক

ডিব্ৰুগড় জিলাৰ সাতখন শিক্ষাখণ্ডৰ অন্তৰ্গত ১১ জনকৈ শিক্ষকলৈ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে প্ৰেৰণ কৰিছে কাৰণ দৰ্শোৱাৰ জাননী (Irregularly attending teachers) । বিদ্যালয়ত অনিয়মীয়াকৈ উপস্থিত থকা শিক্ষকৰ বিৰুদ্ধে কঠোৰ হৈছে ডিব্ৰুগড় জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক (Strict action against irregularly attending teacher) ।

Strict action against irregularly attending teacher

author img

By

Published : Aug 31, 2022, 9:53 PM IST

ডিব্ৰুগড়, 31 আগষ্ট: বিদ্যালয়ত অনিয়মীয়াকৈ উপস্থিত থকা শিক্ষকৰ বিৰুদ্ধে কঠোৰ হৈছে ডিব্ৰুগড় জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক (Strict action against irregularly attending teacher) । জিলাখনৰ কেইবাজনো শিক্ষকৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে । জিলাখনৰ সাতখন শিক্ষাখণ্ডৰ অন্তৰ্গত ১১ জনকৈ শিক্ষকলৈ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে প্ৰেৰণ কৰিছে কাৰণ দৰ্শোৱাৰ জাননী (Irregularly attending teachers) ।

বিশেষকৈ জিলাখনৰ খোৱাং আৰু জয়পুৰ শিক্ষাখণ্ডৰ অধীনস্থ ১১ জনকৈ শিক্ষকলৈ কাৰণ দৰ্শোৱাৰ জাননি জাৰি কৰিছে (Notice to irregular teacher) । বিদ্যালয়ত অনিয়মীয়া উপস্থিতি, সময়মতে বিদ্যালয়ত উপস্থিত নথকা আৰু বিদ্যালয় খোলা থকাৰ সময়ত পাঠদান কৰি আধাতে শিক্ষানুষ্ঠান এৰা আদি অভিযোগ সমূহৰ সন্দৰ্ভত কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে বিদ্যালয় সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে ।

সময়ত বিদ্যালয়লৈ নহা শিক্ষকৰ বিৰুদ্ধে কঠোৰ হৈছে ডিব্ৰুগড়ৰ শিক্ষা বিভাগ

খোৱাং শিক্ষাখণ্ডৰ অন্তৰ্গত এখন বিদ্যালয়ৰ শিক্ষকক নিলম্বন কৰা বুলি জনাইছে তেওঁ (Teacher suspended in Dibrugarh)। লগতে বিষয়া গৰাকীয়ে কয় যে, বিদ্যালয়ত অনিয়মীয়া উপস্থিতি থকা শিক্ষকৰ তালিকা দীঘলীয়া হ'ব । সকলো বিদ্যালয় পৰ্যবেক্ষণ কৰি থকা হৈছে । লগতে চৰকাৰৰ দৰমহা লৈ থকা শিক্ষক সকলক ছাত্ৰ-ছাত্ৰীক পাঠদান কৰাত অৱহেলা নকৰিবলৈ আহ্বান জনালে বিদ্যালয় সমূহৰ পৰিদৰ্শকগৰাকীয়ে ।

উল্লেখ্য যে, শিক্ষাৰ সংস্কাৰৰ নামত শেহতীয়াকৈ অসম চৰকাৰে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছে । মাধ্যম বিতৰ্ক অব্যাহত থকাৰ সময়তে চৰকাৰে চৰকাৰী বিদ্যালয়ৰ সংখ্যা হ্ৰাস (School amalgamation in Assam) কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

এখন বা দুখন বিদ্যালয় নহয়, ৰাজ্যৰ প্ৰায় আঢ়ৈ হাজাৰ শিক্ষানুষ্ঠানত চিৰদিনৰ বাবে বন্ধ কৰাৰ বাবে প্ৰস্তুতি চলাইছে শিক্ষা বিভাগে (Govt schools to close in Assam)। ইফালে ইতিমধ্যে মেট্ৰিক পৰীক্ষাত শূন্য ফলাফল আৰু কম ছাত্ৰ-ছাত্ৰী থকা শিক্ষানুষ্ঠান বন্ধ কৰাৰ সিদ্ধান্ত চূড়ান্ত কৰিছে শিক্ষা বিভাগে (Assam govt decides to School amalgamation)।

আনহাতে, একত্ৰীকৰণৰ নামত শিক্ষা বিভাগে ৰাজ্যৰ একাংশ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানত চিৰদিনৰ বাবে তলা ওলোমাই দিছে । স্বাভাৱিকতেই শিক্ষা বিভাগৰ এনে হঠকাৰী সিদ্ধান্তক সহজভাৱে লোৱা নাই শিক্ষক-অভিভাৱকৰ লগতে সচেতন মহলে । পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত ৰাজ্যৰ প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিক পর্যায়ৰ প্ৰায় ৭ হাজাৰ শিক্ষানুষ্ঠান বন্ধ কৰি সমীপৱৰ্তী বিদ্যালয়ৰ সৈতে সংলগ্ন কৰি দিয়া হৈছিল (Amalgamation of govt school in Assam)।

লগতে পঢ়ক: নোহোৱা হ’ব ৰাজ্যৰ আঢ়ৈ হাজাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.