ETV Bharat / city

ৰহমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সন্দৰ্ভত ডিব্ৰুগড় উপায়ুক্তৰ বৈঠক

ডিব্ৰুগড় উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ল ৰহমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ প্ৰকল্পৰ পৰ্যালোচনা বৈঠক ৷ স্থানীয় ৰাইজ আৰু বিভাগৰ মাজত সমন্বয় ৰাখি কামসমূহ সুচাৰুৰূপে আগবঢ়াই নিবলৈ নিৰ্দেশ উপায়ুক্তৰ ৷

author img

By

Published : May 24, 2021, 6:14 PM IST

ডিব্ৰুগড় উপায়ুক্তৰ ৰহমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সন্দৰ্ভত বৈঠক

ডিব্ৰুগড়, 24 মে' : ৰহমৰীয়াৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জি'অ বেগ প্ৰকল্পৰ কামত বিসংগতি থকা বুলি দল-সংগঠনসমূহে প্ৰতিবাদ কৰাত সোমবাৰে ডিব্ৰুগড় উপায়ুক্তই প্ৰকল্পৰ কাম পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ৷

সোমবাৰে ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত জলসম্পদ বিভাগৰ অভিযন্তা, বিষয়া, ৰহমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰামী মঞ্চৰ প্ৰতিনিধি সকলৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত হয় ৷ উক্ত বৈঠকত জি'অ বেগ মথাউৰিৰ নিৰ্মাণ কাৰ্যৰ সমীক্ষাৰ বাবে এক পৰ্যালোচনা হয় ৷

জিলা উপায়ুক্তগৰাকীয়ে বিভাগীয় বিষয়াসকলক স্থানীয় ৰাইজ আৰু বিভাগৰ মাজত সমন্বয় ৰাখি কামসমূহ সুচাৰুৰূপে আগবঢ়াই লৈ যাবলৈ নিৰ্দেশ প্ৰদান কৰে । ইয়াৰ উপৰিও এই নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি আৰু কামৰ মানদণ্ড সম্পৰ্কে নিয়মীয়াকৈ উপায়ুক্ত গৰাকীক অৱগত কৰি থাকিবলৈ বিভাগীয় বিষয়া আৰু উক্ত অঞ্চলৰ ৰাইজৰ প্ৰতিনিধি সকলক আহ্বান জনায় ।

সোমবাৰৰ এই বৈঠকত অতিৰিক্ত উপায়ুক্ত তথা দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দায়িত্বপ্ৰাপ্ত বিষয়া তপন কুমাৰ গোঁহাইয়ো উপস্থিত থাকে ।

লগতে পঢ়ক : কেৰালাৰ পৰা অহা 9 জনকৈ লোকৰ দেহত কৰ'ণাৰ উপস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.