ETV Bharat / city

ঐতিহাসিক চৰাইদেউত পৰ্যটকৰ বাবে মুকলি দেওশাল

চাওলুং চুকাফাই চৰাইদেউত ৰাজধানী স্থাপনৰ পাছত পাহাৰ শিখৰত স্থাপন কৰিছিল এখন দেওশাল ৷ বৃটিছৰ শাসনৰ সময়ত দেওশালৰ বহু সম্পদ অন্য ঠাইলৈ স্থানান্তৰিত কৰা হৈছিল ৷ সোমবাৰৰ পৰা পৰ্যটকৰ বাবে মুকলি চৰাইদেউৰ দেওশাল ।

author img

By

Published : Sep 7, 2021, 1:36 PM IST

deoshal-of-charaideo-open-for-tourists
ঐতিহাসিক চৰাইদেউত পৰ্যটকৰ বাবে মুকলি হ'ল দেওশাল

মৰাণ, 7 ছেপ্তেম্বৰ : সোমবাৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হয় চৰাইদেউ দেওশাল । টাই আহোম ধৰ্মীয় পৰম্পৰাৰে দেওশালখন আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । স্বৰ্গদেউ চাওলুং চুকাফাই পাটকাই পাৰ হৈ আহি বিভিন্ন ঠাইত ৰাজধানী স্থাপন কৰিছিল ৷ কিন্তু অৱশেষত ১২৫৩ খ্ৰীষ্টাব্দত চৰাইদেউৰ পৰ্বতত প্ৰথম স্থায়ী ৰাজধানী স্থাপন কৰে ৷

চাওলুং চুকাফাই চৰাইদেউত ৰাজধানী স্থাপনৰ সমান্তৰালকৈ পৰ্বতৰ শিখৰত সমূহীয়া উপাসনাস্থলী চৰাইদেউ দেওশাল স্থাপন কৰিছিল । পৰৱৰ্তী সময়ত মোৱামৰীয়া বিদ্ৰোহৰ পাছত এই শালখন বিভিন্ন কাৰণত বৰ্তমানৰ আমলখি দেওশাললৈ স্থানান্তৰ কৰা হয় ৷ চৰাইদেউৰ মূল দেওশালখনত আজিও আহোমসকলৰ পৰম্পৰাগত বিভিন্ন পূজা-পাৰ্বণ অনুষ্ঠিত হৈ আহিছে ।

চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ কাণসাৰ নথকা বাবে চৰাইদেউত অৱহেলিত, অনাদৃত, অসংৰক্ষিত তথা এলাগী হৈ পৰি ৰৈছে আহোম ৰাজত্বকালৰ ঐতিহ্য । এই সন্দৰ্ভত বিভিন্ন দল-সংগঠনে বিভিন্ন সময়ত চৰকাৰৰ দৃষ্টিগোচৰ কৰি আহিছে যদিও কোনো ধৰণৰ গুৰুত্ব নিদিয়াত স্থানীয় এক স্বেচ্ছাসেৱী সংগঠনে দেওশালখন পুনৰুজ্জীৱিত কৰি তুলিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে । সোমবাৰে এই দেওশালখন পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷

লগতে পঢ়ক : কাগজ কলৰ কৰ্মচাৰী পৰিষদৰ সৈতে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.