ডিব্ৰুগড় , 4 ডিচেম্বৰ : আগন্তুক বৰ্ষৰ 4,5,6 ফেব্ৰুৱাৰী তাৰিখে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ ৰাঙলী পথাৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক বাৰ্ষিক অধিৱেশন(91st Annual Session of Srimanta Sankardeva Sangha to be held) । ইতিমধ্যে এই অধিৱেশনৰ পৱিত্ৰ লাইখুঁটা স্থাপন কৰি প্ৰস্তুতি আৰম্ভ কৰিছে উদ্যোক্তা সকলে ।
শুকুৰবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক অধিৱেশনৰ কাৰ্য্যকৰী সভাপতি হিচাপে দায়িত্বত থকা ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুৱে এই অধিৱেশন স্থলীত উপস্থিত হৈ প্ৰস্তুতি সম্পৰ্কে বুজ লয়(DC visit and observe the preparations of Srimanta Sankardev Sangha conference)। লগতে উপায়ুক্ত গৰাকীয়ে অধিৱেশনখনৰ বাবে চৰকাৰী বিভাগৰ সহযোগিতা সম্পৰ্কে বিভাগীয় বিষয়াসকলৰ সৈতেও মত বিনিময় কৰে ।
![dc-visit-and-observe-the-preparations-of-srimanta-sankardev-sangha-conference-in-dibrugarh](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13818379_dibru.jpg)
উপায়ুক্ত গৰাকীয়ে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ , শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰদাধিকাৰ কমলাকান্ত গগৈৰ লগতে সংঘৰ অন্য বিষয়ববীয়া আৰু চৰকাৰী বিভাগ সমূহৰ বিষয়া সকলৰ সৈতে অধিৱেশন স্থলীৰ ব্যৱস্থাপনাৰ ওপৰতো আলোচনা কৰে ।
ইয়াৰ পাচতে উপায়ুক্ত গৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ "৯১ সংখ্যক অধিৱেশন"খন পৰম্পৰাগত আৰু সাংস্কৃতিক দিশৰ লগতে সকলো দিশৰ পৰা সৰ্বাংগ সুন্দৰ কৰি তোলাৰ বাবে জিলা প্ৰশাসনৰ পৰা সকলো সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত সন্মতি প্ৰদান কৰে ।
লগতে পঢ়ক : History in Ruins: ধ্বংসৰ গৰাহত শিৱসাগৰৰ ঐতিহাসিক মণিপুৰী দুৱাৰ