ETV Bharat / city

জল জীৱন মিছন আঁচনিৰ বুজ ল’লে ডিব্ৰুগড় প্ৰশাসনে

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা ৰূপায়িত জল জীৱন মিছন আঁচনিৰ অগ্ৰগতি বুজ ল'লে ডিব্ৰুগড়ৰ উপায়ুক্তই ৷ প্ৰতিটো বিভাগৰ উন্নয়নমূলক কাম সূচাৰুৰূপে কৰিবলৈ তৎপৰ ডিব্ৰুগড় জিলা প্ৰশাসন ।

author img

By

Published : Apr 17, 2021, 10:16 PM IST

উন্নয়নমূলক কাম সুচাৰুৰূপে কৰিবলৈ তৎপৰ ডিব্ৰুগড় জিলা প্ৰশাসন

ডিব্ৰুগড়,17 এপ্ৰিল: শনিবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা জিলাখনত ৰূপায়ণ হৈ থকা জল জীৱন মিছন আঁচনি সম্পৰ্কত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয় ।

উক্ত সভাত উপায়ুক্ত গৰাকীয়ে আঁচনিখন ৰূপায়ণত সহায়ক হিচাপে নিয়োজিত implimenting supporting agency সমূহে কৰি থকা কাম তথা অগ্ৰগতি সম্পৰ্কে বিভাগীয় কৰ্তৃপক্ষ আৰু এজেঞ্চীসমূহৰ বিষয়ববীয়াৰ পৰা বুজ লয় । লগতে উপায়ুক্ত গৰাকীয়ে এজেঞ্চীসমূহক আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত তেওঁলোকে সম্পাদন কৰিবলগীয়া নিৰ্দিষ্ট কামসমূহ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লগত আগতীয়াকৈ আলোচনা কৰি নিৰ্ধাৰিত সময়ত কামসমূহ সম্পাদন কৰিবলৈ নিৰ্দেশ দিয়ে ৷

এইক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলক এজেঞ্চীসমূহক যাৱতীয় সহায়-সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে । সভাত জিলা উন্নয়ন আয়ুক্ত পার্থপ্ৰতিম বৈৰাগীৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক : জোনাইত ৰঙালী বিহুৰ কাৰ্যালয় উদ্বোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.