ETV Bharat / city

ডিব্ৰুগড়ত দ খাৱৈত পিছলি পৰিল চালকসহ গাড়ী

author img

By

Published : Jul 20, 2020, 6:38 PM IST

Updated : Jul 20, 2020, 8:04 PM IST

ডিব্ৰুগড়ত জৰাজীৰ্ণ পথৰ বাবে সংঘটিত হয় এটা পথ দুৰ্ঘটনা ৷ ইতিমধ্যে কথমপি প্ৰাণ ৰক্ষা পৰে দুজন লোকৰ ৷

Danger Road Accident at Dibrugarh
ডিব্ৰুগড়ত দ খাৱৈত পিছলি পৰিল চালকসহ গাড়ী

ডিব্ৰুগড়,20 জুলাইঃ ডিব্ৰুগড়ত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত যুৱক সহ 200 মিটাৰ উটি গ'ল AS-07M-7482 ছুইফট ডিজায়াৰ বাহন ।

ডিব্ৰুগড়ৰ লালুকা-জপৰাগাৱত সংঘটিত হয় এক ভয়ংকৰ ঘটনা । চহৰ খনৰ সুৰক্ষাৰ নামত থকা মুখ্য নলাটোৰ দুৰৱস্থাৰ বাবে পিচলি সংঘটিত হয় এই ঘটনাটো ৷ প্ৰৱল সোঁত বৈ থকা নলাটোত পৰি যোৱা গাড়ীখনৰ ভিতৰত আছিল চালক ৰফিক হুছেইন আৰু আন এজন লোক ৷ তেনেদৰেই কোবাল সোঁতত 200 মিটাৰ উটি যায় বাহন খন । প্ৰাণ বছোৱাৰ তাড়নাত পানীৰ মাজতে চালক ৰফিকে বাহন খনৰ দুৱাৰ খুলি প্ৰাণ ৰক্ষা পৰে দুয়োৰে । ইফালে উটি গৈ থকা বাহনখনক স্থানীয় ৰাইজে ৰচি বান্ধি পানীৰ মাজতেই বাহন খন আবদ্ধ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে,ডিব্ৰুগড়ৰ এই নগৰ সুৰক্ষা নলা নিৰ্মাণৰ নামত বিভিন্ন বিসংগতি বিগত বহু বছৰ পৰাই অব্যাহত আছে। তাৰ মাজতে লালুকাৰ পৰা বৰপথাৰলৈকে এই নলা খনন,পথ মেৰামতি আদিৰ বাবে ৮৪ কোটি টকাৰ বিনিময়ত কাম কৰি আছে বদ্ৰী ৰায় কনচট্ৰাকশ্যন নামৰ কোম্পানীটোৱে। কিন্তু কোম্পানীটোৰ কামত তীব্ৰ অসন্তুষ্টি একাংশ স্থানীয়ৰ। প্ৰায় সুতি সদৃশ চহৰৰ সমষ্ট পানী ওলাই যোৱা একমাত্ৰ বৃহৎ নলাটোৰ লালুকাৰ দিশত থকা মাটৰ পাৰ সদৃশ পথচোৱাত এই বি আৰ চিয়ে বৃহৎ বৃহৎ জে চি বি চলোৱাৰ লগতে মাটিৰ গুণগত মান নিৰীক্ষণ নকৰাকৈ খনন চলোৱাত এইবাৰ বাৰিষাৰ পানী বৃদ্ধিৰ লগে লগে বেয়াকৈ খহিবলৈ ধৰে পথটো । লগতে পথটো পথাৰৰ দৰে অৱস্থাত পৰিণত হয় । ইয়াৰ পূৰ্বেও পথৰ এই অৱস্থাৰ বাবেই ইতিমধ্যে কেইবাখনো বাহন এই নলাত পৰি যোৱাৰ অভিযোগৰ পাছত আজি পুনৰ এই শিহৰণকাৰী ঘটনা সংঘটিত হয় ।

লগতে পঢ়ক- বিজেপিয়ে নকৰে কংগ্ৰেছ শাসিত সমষ্টিৰ উন্নয়নমূলক কাম !

Last Updated : Jul 20, 2020, 8:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.