ETV Bharat / city

কৰ'ণা ভাইৰাছৰ ফলত সৰ্বস্বান্ত মৃৎশিল্পী

কৰণা ভাইৰাছে বৃদ্ধি কৰিছে আৰ্থিক সংকট ৷ বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে মৃৎশিল্পীসকল ৷

Coronavirus hits earnings of Potters
কৰ'ণা ভাইৰাছৰ ফলত সৰ্বস্বান্ত মৃৎশিল্পী
author img

By

Published : Sep 15, 2020, 7:04 PM IST

টিংখাং, 15 ছেপ্তেম্বৰ : অহা বৃহস্পতিবাৰে উদযাপন কৰা হ'ব বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বৰ্কমা পূজা । মাজত মাত্ৰ এটা দিন থকা সময়ত এতিয়া গভীৰ চিন্তাত পৰিছে মৃৎশিল্পীসকল । দীৰ্ঘদিনীয়া লক ডাউনে ৰাইজক সৰ্বশ্ৰান্ত কৰাৰ পাছত এতিয়া পৰিৱেশ কিছু স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে যদিও কৰ'ণাৰ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাই অহাত আতংকিত হৈ পৰিছে ৰাইজ ।

কৰ'ণা ভাইৰাছৰ ফলত সৰ্বস্বান্ত মৃৎশিল্পী

ইফালে শাৰদীয় বতৰত উদযাপন কৰিবলগীয়া পূজাসমূহক লৈ মৃৎশিল্পীসকলে কিছু আশাৰ ৰেঙনি দেখিছিল যদিও এই মুহূৰ্তলৈকে কোনোধৰণে সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই । কাৰণ গাঁঠিৰ ধন ভাঙি বিশ্বৰ্কমা পূজাৰ বাবে প্ৰতিমা নিৰ্মাণ কৰিছিল যদিও এই পৰ্যন্ত এখনো প্ৰতিমাৰ অৰ্ডাৰ লাভ কৰা নাই । যাৰ বাবে গভীৰ চিন্তাত মৃৎশিল্পী । সুদীৰ্ঘ বছৰ বছৰ ধৰি প্ৰতিমা নিৰ্মাণ কৰি পৰিয়াল চলাই অহা টিংখাঙৰ এইগৰাকী মৃৎশিল্পীৰ অৱস্থাও সংকটৰ গৰাহত । সংবাদ মাধ্যমৰ আগত এনেদৰে ব্যক্ত কৰিলে মনৰ দোষ ।

লগতে পঢ়ক : ভাৰত-চীন সীমান্তৰ ওলমা দলং উদ্বোধন কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.