ETV Bharat / city

মৰাণত সাংবাদিক গোবিন দাসক শ্ৰদ্ধাঞ্জলী

author img

By

Published : Jul 17, 2021, 12:07 PM IST

যুৱ সাংবাদিক গোবিন দাসৰ স্মৃতিত সাপেখাতী চাৰিআলিত সহ সাংবাদিক সকলৰ উদ্যোগত ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলী অনুষ্ঠান আয়োজন কৰা হয় ৷ ১৪ তাৰিখ বুধবাৰে নিশা প্ৰায় ১০ বজাত মটৰ চাইকেলেৰে ঘৰলৈ আহি থকাৰ অৱস্থাত দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় সাংবাদিক গৰাকীৰ ৷

Co-worker pays tribute to journalist Gobin Das At Moran, Dibrugarh District
মৰাণত সাংবাদিক গোবিন দাসক শ্ৰদ্ধাঞ্জলী

মৰাণ, 17 জুলাই : ডিব্ৰুগড় জিলাৰ বৰহাটৰ যুৱ সাংবাদিক গোবিন দাস যোৱা ১৪ জুলাইত এক মটৰচাইকেল দুৰ্ঘটনাত মৃত্যু হোৱাত ৰাজ্যজুৰি শোকৰ ছাঁ পৰে ৷ সাংবাদিকগৰাকীৰ স্মৃতিত শনিবাৰে সাপেখাতী চাৰিআলিত সহ সাংবাদিক সকলৰ উদ্যোগত ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলী অনুষ্ঠান আয়োজন কৰা হয় ৷ সাপেখাতী চাৰিআলিত সমাজকৰ্মী উত্তম দেয়ে বন্তি প্ৰজ্বলন কৰি আৰম্ভ কৰে শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ ৷

এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সাপেখাতী প্ৰেছ ক্লাৱৰ সভাপতি কেশৱ গগৈ, আপকুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মুকুল বৰা, চৰাইদেউ জিলা সমিতিৰ সভাপতি সুনন্দ গগৈ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সহ সচিব কৃষ্ণ গগৈ, চৰাইদেউ জিলা সমিতিৰ সভাপতি মনোজ বড়া, আটছাৰ জিলা সমিতিৰ নবীন কুৰ্মী আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷ উল্লেখ যে, সাংবাদিকগৰাকীৰ মৃত্যু ৰহস্যজনক বুলি দাবী কৰি পৰিয়ালৰ লোকে ইতিমধ্যে চৰাইপুং আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে । আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব সাংবাদিক জনে আচলতে কেনেকৈ মৃত্যুক আঁকোৱালি ল'লে ।

যুৱ সাংবাদিক গোবিন দাসে ১৪ জুলাই বুধবাৰে নিশা প্ৰায় ১০ বজাত মটৰ চাইকেলেৰে ঘৰলৈ আহি থকাৰ অৱস্থাত নগাহাট চাহ ফেক্টৰীৰ সমীপত দুৰ্ঘটনাত পতিত হয় ।

নিশা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি তেওঁক সাপেখাতী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰিছিল, যদিও উন্নত চিকিৎসাৰ বাবে অসম মেডিকেল কলেজ ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় গোবিন দাসক। কিন্তু ডিব্ৰুগড়লৈ নি থকা অৱস্থাত মাজবাটতে অকাল মৃত্যুক আঁকোৱালি লয় যুৱ সাংবাদিকজনে । গোবিন দাস অসম ৰাজ্যিক সাংবাদিক সন্থা চৰাইদেউ জিলা সমিতিৰ সহঃ সম্পাদকৰ দায়িত্বত আছিল ।

লগতে পঢ়ক-অসমত নতুনকৈ স্থাপন হ'ব দুখনকৈ চিৰিয়াখানা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.