ETV Bharat / city

SP's conference in Dibrugarh : পুৱতি নিশালৈকে চলা বৈঠকৰ পাচত পুনৰ আৰক্ষী অধীক্ষকৰে আলোচনা মুখ্যমন্ত্ৰীৰ - মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

18 ঘণ্টীয়া মাৰাথান বৈঠকৰ পিছত ৰাজ্যৰ আৰক্ষী অধীক্ষক সকলৰ সৈতে পুনৰ বৈঠকত মুখ্যমন্ত্ৰী (CM Himanta Biswa Sarma meets all SPs of Assam) ৷ আইন শৃংখলা আৰু অপৰাধীৰ পৰিৱৰ্তনশীল অপৰাধসমূহৰ সৈতে মোকাবিলা কৰি পুলিচ আৰু ৰাইজৰ মাজত কেনেকৈ সম্পৰ্ক ভাল কৰিব পাৰি সেই বিষয়ে আলোচনা কৰা বুলি মুখ্যমন্ত্ৰীৰ গৰাকীয়ে জানিবলৈ দিছে ।

SP's conference in Dibrugarh
SP's conference in Dibrugarh
author img

By

Published : Jan 4, 2022, 3:30 PM IST

মৰাণ, 4 ডিচেম্বৰ : অসম আৰক্ষীক অধিক সক্ৰিয়, জনমুখী কৰাৰ উদ্দেশ্যে দুলীয়াজানত অনুষ্ঠিত হৈছে আৰক্ষী অধীক্ষকৰ দ্বিতীয়খন সন্মিলন (SP's conference in Dibrugarh)। অসম আৰক্ষীত সংস্কাৰ সাধনৰ লক্ষ্যৰে তৈল নগৰী দুলীয়াজানত সন্মিলনৰ দ্বিতীয় দিনা আৰক্ষী অধীক্ষক সকলৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta takes part in SP's conference)। সোমবাৰে পুৱতি নিশা ৪.৩০ বজালৈকে চলিছিল প্ৰথম দিনাৰ বৈঠক ।

আৰক্ষী অধীক্ষকৰ সন্মিলনৰ প্ৰথম দিনা ব্যক্তিগত নিৰাপত্তাৰক্ষী ৰখা প্ৰক্ৰিয়াৰ পৰা ওলাই আহি আৰক্ষী বিভাগত পৰ্যাপ্ত মানৱ সম্পদ নিয়োগ কৰি প্ৰকৃতাৰ্থত বিভাগটোক শক্তিশালী কৰাৰ সংকল্প ল'বলৈ সকলো আৰক্ষী বিষয়াক আহ্বান জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma on PSO) ৷ লগতে ব্যক্তিগত নিৰাপত্তাৰক্ষী ৰখা সংস্কৃতিৰ পৰা ওলাই আহি সক্ৰিয় নিৰীক্ষণ প্ৰক্ৰিয়াৰ যোগেদি সমাজলৈ অহা সকলো ভাবুকি আৰক্ষীয়ে ৰাইজৰ সহযোগিতাৰে প্ৰতিহত কৰিব লাগিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

পুৱতি নিশালৈকে চলা বৈঠকৰ পাচত পুনৰ আৰক্ষী অধীক্ষকৰে আলোচনা মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে সদৰী কৰে যে, ‘‘ৰাজ্যখনত আইন-শৃংখলা উন্নীতকৰণেৰে অহা ২-৩ বছৰত আমি এনে এক পৰিৱেশ সৃষ্টি কৰিব লাগিব য'ত আদৰ্শগতভাৱে অসমত কোনো ব্যক্তিৰ বাবে ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ প্ৰয়োজন নহয়’’ ৷

আইন শৃংখলা আৰু অপৰাধীৰ পৰিৱৰ্তনশীল অপৰাধসমূহৰ সৈতে মোকাবিলা কৰি পুলিচ আৰু ৰাইজৰ মাজত কেনেকৈ সম্পৰ্ক ভাল কৰিব পাৰি সেই বিষয়ে আলোচনা কৰা বুলি মুখ্যমন্ত্ৰীৰ গৰাকীয়ে জানিবলৈ দিছে । জুন মাহত কাজিৰঙাত আৰক্ষী অধীক্ষক সকলৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত কৰাৰ পাছত আৰক্ষী বিভাগটোৰ বহুখিনি উন্নীত হৈছে বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে । আৰক্ষী অধীক্ষকৰ এই সন্মিলনৰ ফলাফল ৰাইজে লাভ কৰিব বুলিও কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখ্য যে, অসম আৰক্ষীত সংস্কাৰ সাধনৰ লক্ষ্যৰে দুদিনীয়াকৈ ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে ৰাজ্যৰ আৰক্ষী অধীক্ষক সকলৰ দ্বিতীয়খন সন্মিলন ৷ এই সন্মিলনত ৰাজ্যখনৰ ৩৪ খন জিলাক প্ৰতিনিধিত্ব কৰা আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু মহকুমা আৰক্ষী বিষয়াকে ধৰি প্ৰায় ৯৪ গৰাকী আৰক্ষী বিষয়াই অংশ গ্ৰহণ কৰিছে ।

লগতে পঢ়ক : অসমত ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ প্ৰয়োজন নোহোৱা পৰিবেশ সৃষ্টি কৰিব লাগিব : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.