ডিব্ৰুগড়, 8 অক্টোবৰ : হোমৰ জুইক সাক্ষী কৰি যুগ্ম জীৱনৰ পাতনি মেলিলে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে ৷ মৰাণ সমষ্টিৰে খোৱাং আজাৰগুৰী নিবাসী কুমুদ চন্দ্ৰ শৰ্মা আৰু পূণ্যপ্ৰভা শৰ্মাৰ কন্যা প্ৰহেলিকা শৰ্মাৰ সৈতে এক উখল-মাখল পৰিৱেশত বিবাহকাৰ্য সম্পন্ন হ'ল চক্ৰধৰ গগৈৰ ৷
সমষ্টিবাসীৰ লগতে দূৰ-দূৰণিৰ বহু লোক আহি ভিৰ কৰেহি দৰা-কন্যাৰ দুয়োখন ঘৰতে । উল্লেখ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সংগীত বিভাগৰ স্নাতকোত্তৰ বৰ্ষৰ ছাত্ৰী প্ৰহেলিকাৰ সৈতে বহু দিনৰে পৰা প্ৰেমৰ সম্পৰ্ক আছিল বিধায়কজনৰ । উদুলি মুদুলি পৰিৱেশৰ মাজত দৰাঘৰীয়া হৈ কন্যা নিবলৈ আহিল সাংসদ তপন কুমাৰ গগৈ, বিধায়ক ক্ৰমে যোগেন মোহন, বিমল বৰা, ৰিতুপৰ্ণ বৰুৱাৰ লগতে দলীয় বহু নেতা-কৰ্মী ।