মৰাণ, 25 অক্টোবৰ : প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে থাওৰা সমষ্টিত বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় । কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে থাওৰাৰ বাম ৰজাবাৰী উচ্চ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ বিজেপিৰ ডাবল ইঞ্জিনৰ চৰকাৰক লৈ অসমৰ ৰাইজ সুখী হৈছে বুলি মন্তব্য কৰে ।
সোণোৱালে দিল্লী আৰু দিছপুৰৰ চৰকাৰে অসমৰ জনগণৰ বাবে যি ধৰণে দৃঢ়তাৰে কাম কৰিছে তাৰ ফলত অসমৰ প্ৰতিটো জনগোষ্ঠী সুৰক্ষিত বুলি উল্লেখ কৰে । তেওঁ অসমৰ জনতা বিজেপিৰ পক্ষত আছে সেইকথা প্ৰমাণ হৈছে বুলি উল্লেখ কৰি থাওৰাতো সুশান্ত বৰগোঁহাই বিপুল ভোটত জয়ী হ'ব জানিবলৈ দিয়ে । তেওঁ লগতে অসমত কোনো দলৰ স্থান আৰু ভবিষ্যতে নাই বুলিও নিৰ্বাচনী প্ৰচাৰ সভাত সদৰি কৰে ।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উন্নয়নৰ বাবেই ৰাইজে বিজেপি প্ৰাৰ্থীক বিপুল ভোটত জয় কৰাব বুলি উল্লেখ কৰে । তেওঁ লগতে উপ-নিবাৰ্চন হ'বলগীয়া পাঁচোটা সমষ্টিতে বিজেপি প্ৰাৰ্থীৰ জয় নিশ্চিত বুলি দাবী কৰে । থাওৰা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপি দলৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ হৈ প্ৰচাৰ চলাবলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ প্ৰদান বৰুৱা, বিধায়ক প্ৰশান্ত ফুকন উপস্থিত থাকে ।
লগতে পঢ়ক : মৰিয়নীত ৰূপজ্যোতি কুৰ্মীৰ হৈ নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী সঞ্জয় কিষাণৰ