ETV Bharat / city

কেবিনেটত টিংখাং মহাবিদ্যালয়ত বিজ্ঞান শাখা মুকলি কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা

author img

By

Published : Jan 21, 2022, 2:15 PM IST

হাফলঙত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত অসমৰ 7 খন মহাবিদ্যালয়ৰ লগতে টিংখাং মহাবিদ্যালয়ত বিজ্ঞান শাখা মুকলি কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে (Cabinet officially announces opening of science stream at Tingkhong College) ৷ যাৰফলত মহাবিদ্যালয়খনত উঠিছে আনন্দৰ ঢৌ (Joyful environment of Tingkhong College) ৷

cabinet-officially-announces-opening-of-science-stream-at-tingkhong-college
কেবিনেটত টিংখাং মহাবিদ্যালয়ত বিজ্ঞান শাখা মুকলি কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা

মৰাণ, 21 জানুৱাৰী : উজনিৰ এখন মহাবিদ্যালয়ত উঠিছে আনন্দৰ ঢৌ ৷ বুধবাৰে হাফলঙত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠক (Assam Cabinet meeting held in Haflong) ত অসমৰ 7 খন মহাবিদ্যালয়ৰ লগতে টিংখাং মহাবিদ্যালয়তো বিজ্ঞান শাখা মুকলি কৰাৰ কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰা হয় (Cabinet officially announces opening of science stream at Tingkhong College) ৷

দীৰ্ঘদিনৰ অন্তত অসম চৰকাৰে টিংখাং অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলৰ উচ্চ শিক্ষাৰ একমাত্ৰ আশা-ভৰষাৰ স্থল এই মহাবিদ্যালয়খনত বিজ্ঞান শাখা সংযোজনৰ অনুমোদন জনোৱাত স্বাভাবিকতে এতিয়া উৎফুল্লিত হৈ পৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষ তথা ছাত্ৰ-ছাত্ৰী সকল । এইক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা টিংখাং সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাৰ লগতে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে কলেজ কৰ্তৃপক্ষই ।

1972 চনত গ্ৰাম্য পটভূমিত প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনে বহু ঘাট-প্ৰতিঘাটৰ মাজেৰে আহি এইবাৰ সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে । পিছে ইমান বছৰে মহাবিদ্যালয়খনত অঞ্চলটোৰ হাজাৰ হাজাৰ ছাত্ৰ- ছাত্ৰীক কলা শাখাত অধ্যয়নৰ সুযোগ লাভ কৰিছে যদিও বিজ্ঞান শাখা উপলব্ধ নোহোৱাৰ ফলত অঞ্চলটোৰ বহু ছাত্ৰ-ছাত্ৰী বিজ্ঞান শাখাত অধ্যয়নৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল ।

বিশেষকৈ বিজ্ঞান শাখাত নামভৰ্তি কৰিবলৈ মৰাণ, শিৱসাগৰ , ডিব্ৰুগড় আদি অঞ্চলৰ মহাবিদ্যালয়লৈ যাবলগীয়া হোৱাৰ বাবে অঞ্চলটোৰ দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে ইচ্ছা থাকিও বিজ্ঞান শাখাত অধ্যয়ন কৰিব পৰা নাছিল । নতুন বছৰৰ পহিলা মাহতে হাফলং কেবিনেটত গ্ৰহণ কৰা এই সিদ্ধান্তই মহাবিদ্যালয়খনত এক আনন্দৰ জোৱাৰ তুলিছে (Joyful environment of Tingkhong College) ৷

লগতে পঢ়ক : দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ভূপতিত বিমানৰ ধ্বংসাৱশেষ উদ্ধাৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.