ETV Bharat / city

ডিব্ৰুগড়ৰ জকাইত শতাধিক বিজেপি কৰ্মীৰ কংগ্ৰেছত যোগদান

ডিব্ৰুগড় জিলাৰ জকাইত মনোজ ধানোৱাৰৰ উপস্থিতিত শতাধিক বিজেপি কৰ্মীয়ে যোগদান কৰিলে কংগ্ৰেছ দলত ৷ বিজেপি দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা প্ৰতিগৰাকী সদস্যক ফুলাম গামোচাৰে আদৰণী জনাই সভাত উপস্থিত কংগ্ৰেছ নেতৃত্বই ৷

BJP member joined in Congress at Lahowal Dibrugarh district
ডিব্ৰুগড়ৰ জকাইত শতাধিক বিজেপি কৰ্মী যোগদান কংগ্ৰেছত
author img

By

Published : Feb 9, 2021, 7:28 AM IST

ডিব্ৰুগড়, 9 ফেব্ৰুৱাৰীঃ ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান মাহ । ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰি দিছে ৰাজনৈতিক ৰণ কৌশলৰ লগতে কুচ-কাৱাজ ৷ ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰি দিছে ইখনৰ পিছত সিখন বিশাল নিৰ্বাচনী সভা ৷ ৰাষ্ট্ৰীয় দল কংগ্ৰেছেও সম্পূৰ্ণ যুদ্ধকালীন তৎপৰতাৰে আৰম্ভ কৰিছে নিৰ্বাচনী কুচ-কাৱাজ ৷

ইয়াৰ অংশ হিচাপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিতো দেখা গ’ল ইয়াৰ প্ৰতিফলন ৷ কংগ্ৰেছী যুৱ নেতা মনোজ ধানোৱাৰেও ইতিমধ্যে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভা সমিতি অনুষ্ঠিত কৰি ভোট আদায়ৰ সম্পূৰ্ণ চেষ্টা অব্যাহত ৰাখিছে । সেই উদ্দেশ্যৰেই সোমবাৰে লাহোৱাল সমষ্টিৰ জকাইত জকাই মণ্ডল কংগ্ৰেছ কমিটীৰ উদ্যোগত অনুষ্ঠিত কৰে এখনি দলীয় সভা ৷ সেই সভাখনতে মনোজ ধানোৱাৰৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টীৰ শতাধিক কৰ্মীয়ে লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ সংগ এৰি কংগ্ৰেছ দলত যোগদান কৰে ।

বিজেপিক পৰাভূত কৰি আগন্তুক নিৰ্বাচনত লাহোৱাল সমষ্টিত বিপুল ভোটত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰাব বুলি দাবী কৰিলে মনোজ ধানোৱাৰে ৷ অৱশ্যে সমষ্টিবাসীয়ে দলটোক কেনে ধৰণৰ সঁহাৰি দিয়ে, সেয়াহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক-নগাঁৱৰ জি ডি নাৰ্ছিং হ’মত উত্তেজনাঃচিকিৎসকৰ ভুলৰ বাবে মৃত্যু ৰোগীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.