হোজাই : প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম দিৱস উপলক্ষে আজি ভাৰতীয় জনতা যুৱ মৰ্চা লংকা মণ্ডলে দৰিদ্ৰ লোকক লংকা ৰেলৱে' ষ্টেচন চৌহদত ফলমূল, ঔষধ, চেণ্ডেল আৰু একোখনকৈ কম্বল বিতৰণ কৰে । উক্ত অনুষ্ঠানত ৰাজ্যিক কাৰ্য্য নিৰ্বাহক সদস্য নবৰুন গোহাঁই, হোজাই জিলা যুৱ মৰ্চা সভাপতি বিনয় কলিতা, লংকা থানাৰ ভাৰপ্ৰাপ্ত বিষয় বিশ্বজ্যোতি শৰ্মাকে কৰি কেইবাজনো সমাজ সেৱক আৰু হোজাই ভাৰতীয় জনতা যুৱ মৰ্চাৰ সকলো কাৰ্যকৰ্তা উপস্থিত থাকে ।
![Birth anniversary of Atal Bihari Bajpayee around the state](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-hojai-02-25dec-janmadin-palon-photo-10015_25122020194936_2512f_1608905976_375.jpg)
ডিব্ৰুগড় : এই বছৰ সু-শাসন দিৱসৰ সৈতে সংগতি ৰাখি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি প্ৰধানমন্ত্ৰী কিষাণ নিধিৰ অধীনত ৯ কোটি কৃষক পৰিয়ালৰ একাউণ্টলৈ পোনপটীয়াকৈ ১৮ হাজাৰ কোটি টকা হস্তান্তৰ কৰে৷ আজি এই উপলক্ষে ডিব্ৰুগড় জিলাতো সকলো উন্নয়ন খণ্ডত কৃষকসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ কৰাৰ লগতে কৃষক সভাৰ আয়োজন কৰি কৃষি, স্বাস্থ্য বিভাগৰ লগতে গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত থকা জনকল্যাণমূলক আঁচনি সন্দৰ্ভত ব্যাখ্যা আগবঢ়োৱা হয়৷ ডিব্ৰুগড় জিলাৰ বৰবৰুৱা, খোৱাং, টিংখাং উন্নয়ন খণ্ডত আয়োজিত সু-শাসন দিৱসত শতাধিক কৃষক ৰাইজ সমবেত হোৱা পৰিলক্ষিত হয় ।
![Birth anniversary of Atal Bihari Bajpayee around the state](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8025to8031-xuxashandaycelebratedatdibrugarh-as10031_25122020193209_2512f_1608904929_941.jpg)
নাওবৈচা : প্ৰয়াত বাজপেয়ীৰ জন্মদিন উপলক্ষে উদযাপন কৰা সু-শাসন দিৱসৰ লগত সংগতি ৰাখি নাওবৈচাৰ শালমৰা হাইস্কুল খেলপথাৰত এখনি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । লখিমপুৰ জিলা বিজেপিৰ যুৱ মৰ্চাৰ উদ্যোগত নাওবৈচা আৰু কৰুণাবাৰী বিজেপিৰ মণ্ডল যুৱ মৰ্চাৰ সহযোগত আয়োজন কৰা হয় এই প্ৰতিযোগিতাৰ । খেলৰ প্ৰাকমুহূৰ্তত নাওবৈচা বিজেপি মণ্ডলৰ সভাপতি চানকুমাৰ পোদ্দাৰে দলীয় পতাকা উত্তোলন কৰে ৷ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহ সদস্য ৰাও গজেন্দ্ৰ সিঙে জননেতা গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰাৰ পাছতে খেলখনৰ শুভ উদ্বোধন কৰে বিজেপিৰ ৰাজ্যিক কিশান মৰ্চাৰ কাৰ্যনিবাহক সদস্য জগদীশ গুপ্তাই ৷ খেলখন শুভ উদ্বোধন কৰি গুপ্তাই মন্তব্য কৰে যে, মহান নেতাগৰাকী কেৱল বিজেপি দলৰেই নেতা নহয়, তেওঁ সৰ্বদলীয় নেতা আছিল । তেওঁৰ ত্যাগ, আদৰ্শ আৰু মহান কৰ্মৰাজি যুৱপ্ৰজন্মৰ মাজত জীয়াই ৰখাৰ বাবেই বিজেপি দলে প্ৰত্যেক বছৰে সু-শাসন দিন হিচাপে পালন কৰি অহাৰ লগতে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আয়োজন কৰি সকলোৰে মাজত একতা-ভাতৃত্ববোধ সবল কৰাৰ ক্ষেত্ৰত গুৰুত্ব দি আহিছে বুলি মন্তব্য কৰে গুপ্তাই । নাওবৈচাৰ বিভিন্ন প্ৰান্তৰ ৬ টা দলৰ মাজত খেলখন অনুষ্ঠিত হ'ব । উদ্ধোধনী খেলখন অনুষ্ঠিত হয় শালমৰা এফ চি আৰু কঁঠালগুৰি এফ চিৰ মাজত । প্ৰতিযোগিতাখনত জয়ী দলক পাঁচ হাজাৰ আৰু বিজেতা দলক তিনি হাজাৰ টকাৰ চেক প্ৰদান কৰা হ'ব । নাওবৈচা মণ্ডল বিজেপিৰ যুৱ মৰ্চাৰ সাধাৰন সম্পাদক অংকুৰ দোলাকাষৰীয়াৰ পৰিকল্পনাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত জিলা, নাওবৈচা আৰু কৰুণাবাৰী মণ্ডল বিজেপিৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে ৷
![Birth anniversary of Atal Bihari Bajpayee around the state](https://etvbharatimages.akamaized.net/etvbharat/prod-images/nowboichaatalbiharibraverybirthdaycelebration340034_25122020152136_2512f_1608889896_292.jpg)
শদিয়া : দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাছপেয়ী জন্ম দিৱস উপলক্ষ্যে কাকপথাৰত এখন ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ ভাৰতীয় জনতা যুৱ মৰ্চাৰ শদিয়া জিলা সমিতিৰ উদ্যোগত কাকপথাৰ ৰাজহুৱা খেলপথাৰত এদিনীয়া কাৰ্যসূচীৰে হোৱা প্ৰাইজমানি ভলীবল প্ৰতিযোগিতাত মুঠ চাৰিটা দলে অংশগ্ৰহণ কৰে ৷ প্ৰাক্তন ৰাজ্যিক ভলীবল প্ৰশিক্ষক বিমলচন্দ্ৰ বুঢ়াগোহাঁয়ে শুভাৰম্ভ কৰা প্ৰতিযোগিতাখনত ভাৰতীয় জনতা যুৱ মৰ্চাৰ শদিয়া জিলাৰ সভাপতি তীৰ্থৰাজ নেওঁগ, ৰাজ্যিক কাৰ্যনিবাহক সদস্য সুৰজিৎ মৰাণকে ধৰি বহুকেইজন ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷
![Birth anniversary of Atal Bihari Bajpayee around the state](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-sadiya-25dcmbr-volibalnews-mintutalukdar_25122020182026_2512f_1608900626_23.jpg)
লগতে পঢ়ক : হ্ৰাস পাইছে ভাৰতলৈ অহা বাংলাদেশী অনুপ্ৰৱেশকাৰী : বিজিবি