মৰাণ, 7 আগষ্ট : ভৰ শাওনৰ বতৰতো পথাৰত চিৰাল ফাঁট ৷ কৃষক পথাৰত নমাৰ পৰিৱৰ্তে মূৰে কপালেহে হাত দিবলগীয়া অৱস্থা হৈছে ৷ ইয়াৰ পিছতো গা লৰা নাই ৰাজ্যৰ বিয়াগোম জলসিঞ্চন বিভাগৰ ৷ ৰাজ্যত বৰ্তমান পৰ্যাপ্ত পৰিমাণৰ বৰষুণ নোহোৱাৰ বাবে এতিয়া কৃষক ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে।
একেই অৱস্থা ডিব্ৰুগড় জিলাৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত নাহৰকটীয়াৰ চাচনী, মৰাণ, খোৱাঙৰ অঞ্চলত । বৰষুণৰ অভাৱত অঞ্চলটোত চন পৰি ৰৈছে বহু হাজাৰ কৃষিভূমি । যাৰ ফলত এই ভৰ শাওনৰ সময়ত কৃষক সকলে পথাৰত ব্যস্ত হোৱাৰ পৰিৱৰ্তে চিৰাল ফাঁট মেলা পথাৰখনলৈ চাই মূৰে কপালে হাত দিবলগীয়া হৈছে ।
আনকি হাল বাব নোৱাৰাৰ বাবে পাৰি থোৱা কঠিয়া কেইডালো অনিষ্ট হৈ পৰাত বহু টকাৰ লোকচানৰ সন্মুখীন হ'ব লগা হৈছে কৃষক সকল ।
উল্লেখযোগ্য যে, চাচনীৰ ৰংপুৰ দীঘলী, কচুবাম, গটং গাওঁ,2 নং টিংৰাই, টিংৰাই কৈৱৰ্ত, বালিগাঁও, গৰুৱামাৰী, বৰহুলা, মেৰবিল ভুমুক গাঁৱকে সামৰি কেইবাটাও জলসিঞ্চন প্ৰকল্প আছে যদিও বিভাগৰ অকৰ্মন্যতাৰ বাবে বৰ্তমান বিকল হৈ পৰি আছে কৃষকৰ সুবিধাৰ্থে স্থাপন কৰা এই আঁচনি কেইখন । ইয়াৰ উপৰিও মৰাণৰ খোৱাঙত কৃষকে পথাৰত পানী দিয়াৰ বাবে আছে পানী যোগান প্ৰকল্প কিন্তু সকলো বৰ্তমান বিৰল ।
কিন্তু এনে সমস্যাৰ পিছতো জলসিঞ্চন বিভাগ আগ্ৰহী নহয় এই প্ৰকল্প কেইটা কাৰ্যক্ষম কৰি তুলিবলৈ । যাৰ বাবে এতিয়া ব্যাপক চিন্তাত পৰিছে গাঁওবাসী । কিয়নো চাচনী মৌজাৰ প্ৰায় 80 শতাংশ লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল । এনে প্ৰেক্ষাপটত স্থানীয় বিধায়ক তৰংগ গগৈয়ে সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ অতিশীঘ্ৰে পৰিত্যক্ত জলসিঞ্চন আঁচনি কেইখন কৃষক ৰাইজৰ সুবিধাৰ্থে কায্যৰ্ক্ষম কৰি তুলিবলৈ আহ্বান জনায় চাচনীৰ কৃষক ৰাইজে।
লগতে পঢ়ক:খাকী পোচাকত কালিমা : উৎকোচ লৈ নিলম্বিত দুই কনিষ্টবল