টিংখাং, 14 আগষ্ট : দেউতাক আছিল এজন মুক্তিযোদ্ধা । 'ভাৰত ত্যাগ আন্দোলন'ৰ ভৰপক সময়ত তেওঁ দেউতাকৰ সৈতে আন্দোলনত জড়িত হৈ পৰিছিল । দেউতাকৰ সৈতেই বৃটিছৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামত কেইবাবাৰো কাৰাবাস খাটিছিল তেওঁ । সেই সময়ছোৱাতেই তেওঁ সান্নিধ্য লাভ কৰিছিল বহুকেইজন সৰ্ব-ভাৰতীয় পৰ্যায়ৰ স্বাধীনতা সংগ্ৰামীৰ । তেতিয়া তেওঁ এজন 12-13 বছৰীয়া কিশোৰ।
এতিয়া সেই কিশোৰজনে পাৰ কৰিছে 80 বছৰৰ দেওনা । এইজন 80 বছৰীয়া ককা ভূৱন চেলেং। টিংখাঙৰ কাষৰীয়া মাহমৰা সমষ্টিৰ অন্তৰ্গত শ'লমাৰী গাঁৱৰ এইজন ব্যক্তিৰ চকুত আজিও সজীৱ হৈ আছে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মধুৰ স্মৃতি । দেউতাক প্ৰয়াত মুক্তিযোদ্ধা ভোগেশ্বৰ চেলেঙৰ সৈতে দিনে-নিশাই ভাৰত ত্যাগ আন্দোলনৰ বিভিন্ন কাৰ্যসূচীত ভাগ লৈছিল ভূৱন চেলেঙে ।
আন্দোলনৰ ভৰপক সময়ত অনুষ্ঠিত হোৱা বৃটিছ বিৰোধী কাৰ্যসূচী সমূহত দেউতাকক সহায় কৰিছিল তেওঁ । বৃটিছ সেনাৰ পৰা হাত সাৰিবলৈ কেতিয়াবা দিনৰ দিনটো ওখ গছৰ ওপৰত উঠি আশ্ৰয় লৈছিল এইজন ভূৱন চেলেঙে ।
সহ্য কৰিবলগীয়া হৈছিল বগা চাহাবৰ নানান অত্যাচাৰ । ভাৰত স্বাধীন হোৱাৰ পাছত ভাৰত চৰকাৰে পিতৃ তথা প্ৰয়াত মুক্তিযোদ্ধা ভোগেশ্বৰ চেলেঙক নায়ক উপাধি প্ৰদান কৰাৰ লগতে তাম্ৰপত্ৰৰে সম্বৰ্ধিত কৰিছিল । কিন্তু আজি সেই মহান মুক্তিযোদ্ধাৰ পৰিয়ালটিৰ নাজল-নাথল অৱস্থা । এটা জৰাজীৰ্ণ জুপুৰিতে দৰিদ্ৰতাৰ মাজেৰে জীৱন যাপন কৰিছে ভূৱন চেলেঙৰ পৰিয়ালটোৱে ।
বাঁহৰ উৱলি যোৱা বেৰৰ ঘৰখনত আজিও ভূৱন চেলেঙে সযতনে সংৰক্ষণ কৰি ৰাখিছে দেউতাকৰ দিনৰ তাম্ৰপত্ৰ , সাঁচিপাতৰ পুথি আদি আপুৰুগীয়া সম্পদসমূহ । মনত সজীৱ কৰি ৰাখিছে স্বাধীনতা সংগ্ৰামৰ বহু অলিখিত ইতিহাস ।
দেউতাক ভোগেশ্বৰ চেলেঙৰ দিনত সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ নামত বহু মাটি সম্পত্তি দান হিচাপে আগবঢ়োৱা পৰিয়ালটোৰ আজি পুতৌলগা অৱস্থা । সেয়ে দৰিদ্ৰ পৰিয়ালটোৰ প্ৰতি অকনমান সুদৃষ্টি দিবলৈ চৰকাৰ তথা দল-সংগঠনৰ প্ৰতি আহ্বান জনাইছে ভূৱন চেলেঙৰ লগতে স্থানীয় ৰাইজে ।
লগতে পঢ়ক: ৰাজ্যৰ ভিন্ন প্ৰান্তত 75 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি