ডিব্ৰুগড়,10 এপ্ৰিল: ডিব্ৰুগড়স্থিত "প্ৰতিশ্ৰুতি ছেভ লাইফ" নামৰ সংস্থাটোৱে কৰ্কট ৰোগীৰ বাবে দীৰ্ঘদিনৰে বিভিন্ন দিশত কাম কৰি আহিছে ৷ প্ৰতিশ্ৰুতি চেভ লাইভ নামৰ সংন্থাটোৰ এম্বেচাডৰ হিচাপে অভিনেত্ৰী বৰষাৰাণী বিষয়াক নিৰ্বাচিত কৰাৰ পাছৰে পৰা কৰ্কট ৰোগীসকলৰ হৈ বিভিন্ন কাম কৰি আহিছে অভিনেত্ৰী গৰাকীয়ে ৷ ডিব্ৰুগড়ৰ মাইজানত আগতীয়াকৈ ৰঙালী বিহু আয়োজন কৰি কৰ্কট ৰোগীসকলৰ সৈতে মনৰ ভাৱ আদান-প্ৰদান কৰি জীয়াই থকাৰ ক্ষেত্ৰত প্ৰেৰণা যোগাই অভিনেত্ৰী গৰাকীয়ে ।
ইয়াৰ উপৰিও সকলোৰে লগত বিহু গীত গাই, নাচি আনন্দ প্ৰদান কৰাৰ লগতে সকলোকে আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাই বৰষাৰাণীয়ে । "প্ৰতিশ্ৰুতি ছেভ লাইফ "ৰ তৰফৰ পৰা নতুনকৈ বিবাহপাশত আৱদ্ধ হোৱা বৰষাৰাণী বিষয়া আৰু স্বামী ভাস্কৰ বৰুৱাক আনুষ্ঠানিকভাৱে অভিনন্দন জনোৱা হয় ৷
লগতে পঢ়ক : কলিয়াবৰত দুজন আক্ৰান্ত ক’ভিড-19 ত