ডিব্ৰুগড়, 24 ছেপ্টেম্বৰ: বিগত 16 ছেপ্তেম্বৰৰ পৰা 18 ছেপ্তেম্বৰলৈকে মধ্যপ্ৰদেশত অনুষ্ঠিত হোৱা National Games 2022 ত ডিব্ৰুগড়ৰ ভাস্কৰজ্যোতি দত্তই অসমৰ হৈ প্ৰতিনিধিত্ব কৰি দুটা সোণৰ পদক আৰু এটা ৰূপৰ পদক লাভ কৰে ৷ ডিব্ৰুগড় জিলাৰ লাহোৱালৰ মদাৰখাত অঞ্চলৰ হাটখোলা গাঁৱৰ বাসিন্দা ভাস্কৰজ্যোতি দত্তই 60 আৰু 100 মিটাৰ দৌৰত সোণৰ পদক (Bhaskarjyoti Dutta clinches gold medal) আৰু ডিস্কাছ থ্ৰ'ত ৰূপৰ পদক প্ৰাপ্তিৰে দৰ্শনীয় অভিলেখেৰে জিলাৰ মদাৰখাতৰ লগতে সমগ্ৰ অসমক গৌৰৱাম্বিত কৰিবলৈ সক্ষম হয় ।
উল্লেখ্য যে, ভাস্কৰ দত্ত দুলীয়াজান- নুমলীগড় পাইপ লাইন লিমিটেড (দুলিয়াজান অসম)(Duliajan–Numaligarh pipeline) নিৰাপত্তা বিষয়া হিচাপে বৰ্তমান কৰ্মৰত । মদাৰখাত অঞ্চলৰ হাটখোলা গাঁৱৰ নিবাসী বিশ্বনাথ দত্ত আৰু পূৰ্ণিমা ভৰালী দত্তৰ সুযোগ্য সন্তান এই খেলুৱৈ গৰাকীৰ সাফল্যত সমগ্ৰ অঞ্চল তথা জিলাখনৰ ৰাইজ উৎফুল্লিত হৈ পৰা দেখা গৈছে ।
শুকুৰবাৰে তেওঁ হাটখোলা গাঁৱত উপস্থিত হোৱাত হাটখোলা গাঁৱৰ ৰাইজে গামোচা পিন্ধাই উষ্ম আদৰণি জনায় ৷
লগতে পঢ়ক: Assam Cabinet Decision: ছয় জনগোষ্ঠীৰ বাবে চিকিৎসা মহাবিদ্যালয়ত সংৰক্ষণ কৰা হ’ব আসন