ETV Bharat / city

প্ৰতি বছৰৰ ৪ জুলাইত অসম জাতীয় পৰিষদে পালন কৰিব ভাষা দিৱস

author img

By

Published : Jul 4, 2022, 10:38 PM IST

ডিব্ৰুগড়ত অসমৰ ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ৰঞ্জিত বৰপূজাৰীক শ্ৰদ্ধাঞ্জলি জনালে অসম জাতীয় পৰিষদে (Assam Jatiya Parishad pays tribute to Martyr Ranjit Barpujari) । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে বৰপূজাৰীৰ ত্যাগৰ প্ৰতি সন্মান জনাই অসম জাতীয় পৰিষদে প্ৰতি বছৰে ৪ জুলাইৰ দিনটোত ভাষা দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে (4th July will be celebrated as Language Day) ৷

4th July will be celebrated as Language Day by the Assam Jatiya Parishad
প্ৰতি বছৰৰ ৪ জুলাইত অসম জাতীয় পৰিষদে পালন কৰিব ভাষা দিৱস

মৰাণ, 4 জুলাই : ডিব্ৰুগড়ত অসমৰ ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ৰঞ্জিত বৰপূজাৰীক শ্ৰদ্ধাঞ্জলি জনালে অসম জাতীয় পৰিষদে (Assam Jatiya Parishad pays tribute to Martyr Ranjit Barpujari) । এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে বৰপূজাৰীৰ ত্যাগৰ প্ৰতি সন্মান জনাই অসম জাতীয় পৰিষদে প্ৰতি বছৰে ৪ জুলাইৰ দিনটোত ভাষা দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে (4th July will be celebrated as Language Day) ।

লগতে অসমৰ সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয় আৰু সকলো অনুষ্ঠান -প্ৰতিষ্ঠানত অসমীয়া ভাষা প্ৰয়োগ কৰিবলৈ দাবী জনায় অসম জাতীয় পৰিষদে ৷ তাৰোপৰি দলীয় কৰ্মীসকলে সকলোতে অসমীয়া ভাষা প্ৰয়োগ কৰাৰ বাবে সংকল্পবদ্ধ হ'বলৈ আহ্বান জনায় দলটোৱে । এই শ্ৰদ্ধাঞ্জলি দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু জাতীয় যুৱ শক্তিৰ সহযোগত এখন স্মৃতিচাৰণ সভাও অনুষ্ঠিত হয় ।

অনুষ্ঠানৰ আৰম্ভণিতে চহৰখনৰ চৌকিডিঙ্গী চাৰিআলিত ৰাজহুৱাকৈ শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্জ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনাই বিশিষ্ট সংগ্ৰামী নেতা পৰাণ বকুল বৰুৱাই । এই অনুষ্ঠানতে জাতীয় যুৱ শক্তিৰ নৱ নিৰ্বাচিত কেন্দ্ৰীয় উপ সভাপতি দ্বিজু গগৈ আৰু সম্পাদক স্বাক্ষৰ বৰগোঁহাইক সম্বৰ্ধনা জনোৱা হয় ।

অনুষ্ঠানত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি অনুপ ফুকন, কাৰ্যনিৰ্বাহক সদস্য ড৹ দিলীপ ভূঞা, জিলা সভাপতি পৰাগজ্যোতি বৰুৱা, সম্পাদক সৰল দত্তৰ কেন্দ্ৰীয় মহিলা শক্তিৰ কাৰ্যনিৰ্বাহক পংখী শইকীয়াৰ লগতে দলৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে ।

লগতে পঢ়ক: Shining example of humanity: মঙলদৈত এখন ব্যতিক্ৰমী বিবাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.