মৰাণ,12 মে': চলিত বৰ্ষত এজনৰ পাছত আনজন অসমৰ জাতীয় জীৱনৰ লগত জড়িত বিশিষ্ট ব্যক্তি স্বৰ্গগামী হৈছে । কৰ'ণাৰ ভয়াৱহতাৰ মাজতে বুধবাৰে পুৱা বিশিষ্ট সাহিত্যিক, সাংবাদিক, অসম সাহিত্য সভাৰ সভাপতি হোমেন বৰগোহাঞিৰ মৃত্যুৱে ৰাজ্যবাসীক মৰ্মাহত কৰি তুলিছে ।
বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুত ৰাজ্যবাসীৰ লগতে শোক প্ৰকাশ কৰিছে আহোম জাতীয় গণ মঞ্চই । গণ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক অকণ ভূঞাই শোক প্ৰকাশ কৰি কয়, "তেখেতৰ মৃত্যুত অসমীয়া সাহিত্যৰ জগতখনত অপূৰণীয় ক্ষতি হৈছে । তেখেতৰ সৃষ্টিৰাজিক অসমৰ ৰাইজে আগুৱাই নি আমাৰ মাজত অমৰ কৰি ৰাখিব লাগিব" ।
লগতে পঢ়ক : শোণিতপুৰত ৩ গৰাকী কৰ'ণা আক্ৰান্তৰ মৃত্যু