ETV Bharat / city

AASU protest against price hike : মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ

author img

By

Published : Apr 2, 2022, 9:48 AM IST

বজাৰ লাগিছে জুই, যোগান বিভাগ আছে শুই ৷ এই শ্ল’গানেৰে শুকুৰবাৰে সমগ্ৰ ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই(AASU protest against price hike) ৷ সন্থাৰ বিভিন্ন জিলাত থকা শাখা সমিতিসমূহে চৰকাৰক মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৷ অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷

protest against fuel price hike in all over Assam
মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ

নিউজ ডেস্ক, 2 এপ্ৰিল : পেট্ৰ’ল-ডিজেল আদি ইন্ধনজাত সামগ্ৰীৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত শুকুৰবাৰে সমগ্ৰ ৰাজ্যজুৰি আছুৱে সত্যাগ্ৰহ কাৰ্যসূচী(AASU protest against price hike) ৰূপায়ণ কৰে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে ৰাজ্যৰ বিভিন্ন জিলাৰ আছু গোটে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবীত ঠায়ে ঠায়ে বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ ক’ৰবাত যদি আছু কৰ্মীসকলে প্ৰতিবাদী সমদল উলিয়াইছে, আন ক’ৰবাত আকৌ আছু কৰ্মীয়ে মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী তথা যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰিছে ৷

নলবাৰীত আছুৰ প্ৰতিবাদ

উল্লেখ্য যে, ৰাজ্যখনৰ সাধাৰণ জনতাই ৰঙালী বিহুৰ সময়ত কঙালী হোৱালৈহে যেন গতি কৰিছে । একমাত্ৰ মূল্যবৃদ্ধিৰ বাবে এইবাৰ ৰঙালী বিহু কঙালী হোৱাটো নিশ্চিত । খাৰুৱা তেল, ৰন্ধন গেছ, জীৱনদায়িনী ঔষধকে ধৰি নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ প্ৰা দিনকদিনে মূল্যবৃদ্ধি ঘটিছে । কিন্তু এইক্ষেত্ৰত চৰকাৰ তথা যোগান বিভাগৰ ফালৰ পৰা কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ তাৰ বিপৰীতে একাংশ চৰকাৰৰ বিধায়ক, মন্ত্ৰীয়ে উপলুঙা মন্তব্য কৰাহে পৰিলক্ষিত হৈছে ।

গোৱালপাৰাত আছুৰ প্ৰতিবাদ

যোৰহাট জিলা ছাত্ৰ সন্থাই ষ্টেডিয়াম চৌহদৰ পৰা সমদল কৰি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখলৈ এক সমদল বাহিৰ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ গোৱালপাৰা চহৰতো আছুৰ প্ৰায় অৰ্ধ শতাধিক সদস্যই হাতে হাতে বেনাৰ আৰু আছুৰ পতাকা লৈ চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

যোৰহাটত আছুৰ প্ৰতিবাদ

একেদৰে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি বুলবুল দত্ত, সাধাৰণ সম্পাদক অৱনী কুমাৰ গগৈৰ নেতৃত্বত আছুৰ কৰ্মীসকলে চহৰখনৰ মাজেৰে এক প্ৰতিবাদী সমদল বাহিৰ কৰে । জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা পাঁচ শতাধিক আছু কৰ্মীসকলে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে ৷ আনহাতে বিশ্বনাথ চাৰিআলি, নলবাৰী, ধেমাজি আৰু মাজুলীত ছাত্ৰ সন্থাৰ সদস্যসকলে ইন্ধনজাত তথা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম হ্ৰাস কৰাৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক : LPG cylinder price hike : প্ৰতিটো গেছ চিলিণ্ডাৰত 250 টকাকৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.