ETV Bharat / city

চৰাইদেউত বিদ্যালয়ৰ দেৱাল ভাঙি লণ্ডভণ্ড দুষ্কৃতিকাৰীৰ - নামতোলা

সোণাৰিৰ টাউকাক চাহ বাগিছাত নিৰ্মাণ হৈ থকা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱ নিৰ্মিত শ্ৰেণীকোঠাৰ পকী দেৱাল কোনো দুষ্কৃতিকাৰীয়ে ভাঙি লণ্ড ভণ্ড কৰে ।

School wall broke by unknown people at Charaideo
চৰাইদেউত বিদ্যালয়ৰ দেৱাল ভাঙি লণ্ডভণ্ড দুষ্কৃতিকাৰীৰ
author img

By

Published : Feb 6, 2021, 8:35 AM IST

মৰাণ,6 ফেব্ৰুৱাৰীঃ মৰাণৰ সমীপৰ চৰাইদেউ জিলাৰ সোণাৰিৰ টাউকাক চাহ বাগিছাত নিৰ্মাণ হৈ থকা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱ নিৰ্মিত শ্ৰেণীকোঠাৰ পকী দেৱাল শুকুৰবাৰে কোনো দুষ্কৃতিকাৰীয়ে ভাঙি লণ্ড ভণ্ড কৰে । তাৰোপৰি কৰ্মৰত শ্ৰমিক সকলক নিৰ্মাণৰ কাম বন্ধ কৰিবলৈ ভাবুকি প্ৰদান কৰা বুলিও শ্ৰমিকে জানিবলৈ দিয়ে।

চৰাইদেউত বিদ্যালয়ৰ দেৱাল ভাঙি লণ্ডভণ্ড দুষ্কৃতিকাৰীৰ

ইতিমধ্যে ঘটনা সন্দৰ্ভত নামতোলা আৰক্ষী থানাত ঠিকাদাৰে এজাহাৰ দাখিল কৰিছে । ইফালে ঘটনাস্থলীত আৰক্ষী উপস্থিত তদন্ত অব্যাহত ৰাখিছে ৷ এই ঘটনাকটোক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উল্লেখযোগ্য যে, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ আৰু সোণাৰিৰ বিধায়ক নৱনীতা সন্দিকৈয়ে বিদ্যালয় খনৰ নৱ নিৰ্মিত শ্ৰেণীকোঠাৰ আধাৰশিলা স্থাপন কৰিছিল। অতি শীঘ্ৰে ঘটনাটোৰ লগত জড়িত লোকক উচিত শাস্তি দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক-সৰুসজাইত ২৯,৭০১ গৰাকী শিক্ষকক নিযুক্তি পত্ৰ বিতৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.