ETV Bharat / city

ছাত্ৰক প্ৰহাৰ কৰাক লৈ উত্তপ্ত সাপেখাতীৰ কুঁৱৰীবাৰী বাগিছা প্ৰাথমিক বিদ্যালয় - কুঁৱৰীবাৰী বাগিছা প্ৰাথমিক বিদ্যালয়

কুঁৱৰীবাৰী বাগিছা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰঞ্জনা গগৈৰ বিৰুদ্ধে দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত এজন অসুস্থ ছাত্ৰক প্ৰহাৰৰ অভিযোগ ৷ ছাত্ৰজনে এই কথা ঘৰত অৱগত কৰাত এই ঘটনাক লৈ সৰৱ হৈ পৰে অভিভাৱক ৷

Warm Situation for beating a student at Sapekhati
ছাত্ৰক প্ৰহাৰ কৰাকলৈ উত্তপ্ত সাপেখাতীৰ কুঁৱৰীবাৰী বাগিছা প্ৰাথমিক বিদ্যালয়
author img

By

Published : Oct 26, 2021, 8:55 PM IST

মৰাণ, 26 অক্টোবৰ : চৰাইদেউ সাপেখাতীৰ কুঁৱৰীবাৰী বাগিছা প্ৰাথমিক বিদ্যালয়ত মঙলবাৰে এজন ছাত্ৰক প্ৰহাৰ কৰা ঘটনাক লৈ উত্তপ্ত হৈ পৰে বিদ্যালয় চৌহদ ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ৰঞ্জনা গগৈৰ বিৰুদ্ধে উত্থাপিত হৈছে দ্বিতীয় শ্ৰেণীৰ এজন অসুস্থ ছাত্ৰক প্ৰহাৰ কৰাৰ অভিযোগ ৷ ইয়াৰ পাছতেই ছাত্ৰজনৰ অভিভাৱকৰ লগতে স্থানীয় লোক বিদ্যালয়খনত উপস্থিত হোৱাৰ পিছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি ৷

ছাত্ৰক প্ৰহাৰ কৰাকলৈ উত্তপ্ত সাপেখাতীৰ কুঁৱৰীবাৰী বাগিছা প্ৰাথমিক বিদ্যালয়

চৰাইদেউ সাপেখাতীৰ কুঁৱৰীবাৰী বাগিছা প্ৰাথমিক বিদ্যালয়ত মঙলবাৰে দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰা হৈছিল বিদ্যালয়ৰ ইউনিফৰ্ম ৷ বিনামূলীয়াকৈ ইউনিফৰ্ম বিতৰণ কৰাৰ খবৰ লাভ কৰাৰ পাছতেই বিদ্যালয়ত উপস্থিত হয় শাৰিৰীক অসুস্থতাৰ বাবে পাঠদানত অনুপস্থিত থকা এজন ছাত্ৰ ৷ ইয়াকে লৈ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰগৰাকীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হয় ৷

আনহাতে ছাত্ৰজনে এই কথা ঘৰত অৱগত কৰাত এই ঘটনাক লৈ সৰৱ হৈ পৰে অভিভাৱক ৷ ছাত্ৰজনৰ অভিভাৱকে বিদ্যালয়লৈ আহি ইয়াকে লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ আনহাতে শিক্ষয়িত্ৰীগৰাকীয়ে এই কথা স্বীকাৰ কৰিছে যদিও ছাত্ৰজনৰ স্বাস্থ্যৰ ক্ষতি হোৱাকৈ প্ৰহাৰ কৰাৰ কথা অস্বীকাৰ কৰে ৷

লগতে পঢ়ক : নতুন আঞ্চলিক দলৰ ভূমিকাক লৈ সৰৱ জনগোষ্ঠীয় জাতীয় দল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.