মৰাণ,22মাৰ্চ: মৰাণত বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্তৰ সংখ্যা ৷ শনিবাৰে এক শ্ৰমিক দম্পতীৰ দেহত ক'ভিড-১৯ ধৰা পৰাৰ পিছত দেওবাৰে মৰাণৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক ক'ভিড-19ত আক্ৰান্ত হৈছে ৷ অসমীয়া প্ৰতিদিন কাকতৰ মৰাণৰ সংবাদদাতা, লেখক তথা শিক্ষক যদু চুতীয়া ক'ভিড-19ত আক্ৰান্ত হৈ সোমবাৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছে ৷
![oran_ournalist-of-moran-tested-covid-positive_img_As10031](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-805to807-ajournalistofmorantestedcovidpositive-as10031_22032021092050_2203f_1616385050_297.jpg)
দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত সাংবাদিক গৰাকীৰ ইতিমধ্যে দুয়োটা বৃক্কই বিকল হৈ পৰাৰ বাবে সম্প্ৰতি ডিমৌস্থিত স্বৰ্গদেউ চ্যুকাফা মাল্টিস্পেচিলিটি হাস্পিতালত নিয়মীয়াকৈ ডায়লেচিছ কৰি আছে ৷ দুদিনমানৰ পৰা চুতীয়াই জ্বৰ অনুভৱ কৰাৰ বাবে পৰীক্ষা কৰোৱাত তেওঁৰ দেহত ক'ভিড-১৯ৰ উপস্থিতি ধৰা পৰে ৷ ততাতৈয়াকৈ তেওঁক চিকিৎসকে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে ৷
![কৰ’নাত আক্ৰান্ত মৰাণৰ জ্যেষ্ঠ সাংবাদিক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-805to807-ajournalistofmorantestedcovidpositive-as10031_22032021092050_2203f_1616385050_532.jpg)
এই মুহূৰ্তলৈকে সাংবাদিকগৰাকীৰ পত্নী-কন্যাকে ধৰি পৰিয়ালটোৰ আন কোনো সদস্য আক্ৰান্ত হোৱা নাই বুলি জানিব পৰা গৈছে ৷ মৰাণহাট প্ৰেছ ক্লাব, মৰাণ মহকুমা সাংবাদিক মঞ্চই সতীৰ্থগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে ৷
লগতে পঢ়ক: কি কাৰণে খঙত অগ্নিশৰ্মা সিদ্ধাৰ্থ ভট্টাচাৰ্য