ETV Bharat / city

অৰুণাচলত সংঘৰ্ষত লিপ্ত আছাম ৰাইফলছ আৰু এনএছচিএন (আইএম) - 6 এনএছচিএন বিদ্ৰোহী নিহত

অৰুণাচলৰ টিৰাপ জিলাত সংঘৰ্ষত লিপ্ত হয় আছাম ৰাইফলছ আৰু এনএছচিএন ৷ এনএছচিএনৰ ইছাক মুইভা গোটৰ সৈতে সংঘৰ্ষত লিপ্ত হয় ষষ্ঠ আছাম ৰাইফলছৰ এটা তহলদাৰী দল ৷

অৰুণাচলত সংঘৰ্ষত লিপ্ত আছাম ৰাইফলছ আৰু এনএছচিএন (আইএম)

author img

By

Published : Jul 11, 2020, 11:25 AM IST

Updated : Jul 11, 2020, 12:08 PM IST

ডিব্ৰুগড়, 11 জুলাই : অৰুণাচল প্ৰদেশত আজি ৰাতিপুৱাৰ ভাগত ভয়াৱহ সংঘৰ্ষত লিপ্ত হয় আছাম ৰাইফলছ আৰু এনএছচিএন ৷ এনএছচিএনৰ ইছাক মুইভা গোটৰ এটা বিদ্ৰোহীৰ দলৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ষষ্ঠ আছাম ৰাইফলছৰ এটা তহলদাৰী দল ৷ ৰাজ্যখনৰ টিৰাপ জিলাৰ খোনচাত সংঘটিত হয় এই সংঘৰ্ষ ৷ বৰ্তমান সময়লৈকেও অঞ্চলটোত আছাম ৰাইফলছৰ অভিযান অব্যাহত আছে বুলি অৰুণাচল প্ৰদেশৰ আৰক্ষী সঞ্চালকপ্ৰধান আৰপি উপাধ্যায়ে সংবাদমাধ্যমক জনাইছে ৷

সংঘৰ্ষস্থলীৰ এক দৃশ্য
সংঘৰ্ষস্থলীৰ এক দৃশ্য

আছাম ৰাইফলছৰ ষষ্ঠ বেটালিয়নৰ এটা তহলদাৰী দল আৰু অৰুণাচল প্ৰদেশ আৰক্ষীৰ এক যুটীয়া দলৰ সৈতে হোৱা সংঘৰ্ষত বিদ্ৰোহী সংগঠনটোৰ 6 গৰাকী বিদ্ৰোহী নিহত হোৱাৰ খবৰ আহিছে ৷ আনহাতে এই সংঘৰ্ষত ষষ্ঠ আছাম ৰাইফলছৰ এগৰাকী ৰাইফলমেন আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে ৷

সংঘৰ্ষস্থলীৰ পৰা উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ

ঘটনাস্থলীৰ পৰা অভিযানকাৰী দলটোৱে বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত চাৰিটা একে-47 আৰু দুটা চাইনিজ এম কিউ ৰাইফল আৰু পাঁচটা মেগজিনৰ লগতে অন্যান্য সামগ্ৰী আছে ৷ শনিবাৰে ৰাতিপুৱা 4:30 বজাত এই সংঘৰ্ষৰ সূত্ৰপাত হয় ৷ আনহাতে আঘাতপ্ৰাপ্ত ৰাইফলমেনগৰাকীক স্থানীয় মিলিটাৰী চিকিৎসালয়লৈ ততালিকে প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়কঃ স্থলসেনাত দায়িত্ব পালন কৰিবলৈ সাজু 23 গৰাকী নৱনিযুক্ত বিষয়া

Last Updated : Jul 11, 2020, 12:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.