মৰাণ, ৩০ জুনঃ ডিব্ৰুগড় জিলাৰ মৰাণত কোভিড -১৯ ত আক্ৰান্ত চাৰিজনকৈ চৰকাৰী কৰ্মচাৰী ৷ আক্ৰান্ত লোক কেইজন মৰাণ জৱাহৰ নৱোদয় বিদ্যালয়ৰ কোৱাৰেন্টাইন চেন্টাৰত কৰ্তব্যত নিয়োজিত আছিল ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰাণতো ইতিমধ্যে কোভিড -১৯ ত আক্ৰান্ত হৈছে চাৰিজনকৈ চৰকাৰী কৰ্মচাৰী ৷ ইয়াৰে আক্ৰান্ত তিনিজন মৰাণ ৰাজহ চক্ৰৰ লাট মণ্ডল আৰু এজন শিক্ষক ৷
উল্লেখ্য যে, কৰ'ণা ভাইৰাছত আক্ৰান্ত লোক কেইজনৰ ভিতৰত লাট মণ্ডল কেইজন হৈছে মানস প্ৰতীম গগৈ (২৮), শৈলেষ বাসাক (৫৫) আৰু উত্তম হাজৰিকা (৩৬) ৷ আনহাতে শিক্ষকজন নাম জ্যোতি প্ৰকাশ গগৈ (২৮) ৷ ইতিমধ্যে আটাইকেইজন আক্ৰান্ত লোকেই বহু লোকৰ সংস্পৰ্শলৈ আহিছিল বুলি জানিবলৈ পোৱা গৈছে ৷ ইতিমধ্যে আক্ৰান্ত লোক কেইজনৰ এলেকাটো এতিয়া কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে ৷ উক্ত লোক কেইজনৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছতে এতিয়া মৰাণত গণ সংক্ৰমণৰ আশংকা কৰিছে স্থানীয় ৰাইজে ।
লগতে পঢ়ক- বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নাৰ্চ কৰ’ণাত আক্ৰান্ত