ETV Bharat / city

অনিশ্চয়তাত মৰাণ মহাবিদ্যালয়ৰ ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত

author img

By

Published : Apr 23, 2021, 4:28 PM IST

মৰাণ মহাবিদ্যালয়ৰ ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত অনিশ্চয়তাত ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক মৰাণ মহাবিদ্যালয়ৰ আছু গোটৰ স্মাৰক পত্ৰ ৷

অনিশ্চয়তাত মৰাণ মহাবিদ্যালয়ৰ ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত
অনিশ্চয়তাত মৰাণ মহাবিদ্যালয়ৰ ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত

মৰাণ, 23 এপ্ৰিল : ক’ভিড-19 ৰ ভয়াৱহতাৰ মাজতে মৰাণ মহাবিদ্যালয়ত স্নাতক বৰ্ষৰ ছাত্ৰ-ছাত্ৰীক পৰীক্ষাৰ বাবে বিতৰণ কৰা হৈছে এডিমিট কাৰ্ড । পৰীক্ষাৰ প-পত্ৰ পূৰণৰ সময়ত হোৱা ভুলৰ বাবে মৰাণ মহাবিদ্যালয়ৰ প্ৰায় ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ এডিমিট কাৰ্ড পাবলৈ সক্ষম হোৱা নাই ।

মহাবিদ্য়ালয়ৰ আছু গোটৰ স্মাৰক পত্ৰ প্ৰদান

গতিকে উক্ত ছাত্ৰ-ছাত্ৰী সকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যতৰ স্বাৰ্থত তেওঁলোকক অতি শীঘ্ৰেই এডমিট কাৰ্ড প্ৰদানৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় মহাবিদ্যালয়ৰ আছু গোটে ৷ বৃহস্পতিবাৰে মৰাণ মহাবিদ্যালয় আছু গোটৰ উদ্যোগত মৰাণ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ যোগেদি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ,পঞ্জীয়ক আৰু পৰীক্ষা নিয়ন্ত্ৰকলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে । স্মাৰক পত্ৰ প্ৰদানৰ কৰা পাছতে মহাবিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীৰ দাবীৰ প্ৰতি সহাঁৰি জনাই অতিশীঘ্ৰেই উক্ত শিক্ষাৰ্থী সকলক এডমিট কাৰ্ড প্ৰদানৰ ব্যৱস্থা কৰাৰ আশ্বাস দিয়ে ।

লগতে পঢ়ক : টি এইচ ইৰ 'ৱৰ্ল্ড ইম্পেক্ট ৰেংকিঙ'ত স্থান লাভ মিজোৰাম বিশ্ববিদ্যালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.