ETV Bharat / city

এআইইউডিএফৰে মিত্ৰতা : ডিব্ৰুগড়ত দুশ যুৱকৰ কংগ্ৰেছত যোগদান - যুৱ বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ সমষ্টি লাহোৱাল

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অতি ঘনিষ্ঠ যুৱ বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ সমষ্টি লাহোৱালত আজি কংগ্ৰেছৰ ভেটি শক্তিশালী কৰি একেলগে 200ৰো অধিক যুৱকে যোগদান কৰিলে দলটোত ।

ডিব্ৰুগড়ত দুশ যুৱকৰ কংগ্ৰেছত যোগদান
ডিব্ৰুগড়ত দুশ যুৱকৰ কংগ্ৰেছত যোগদান
author img

By

Published : Aug 25, 2020, 4:06 AM IST

ডিব্ৰুগড়, 24 আগষ্ট : এআইইউডিএফৰ মিত্ৰতাই উজনিত কংগ্ৰেছৰ ভেটি আৰু দুৰ্বল কৰিব বুলি ব্যাপক চৰ্চা চলি থকাৰ সময়তে মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ এটা সমষ্টিতে একেলগে 200ৰো অধিক যুৱকৰ কংগ্ৰেছত যোগদান । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অতি ঘনিষ্ঠ যুৱ বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ সমষ্টি লাহোৱালত আজি কংগ্ৰেছৰ ভেটি শক্তিশালী কৰি একেলগে 200ৰো অধিক যুৱকে যোগদান কৰিলে দলটোত । কংগ্ৰেছৰ যুৱ তথা বৰ্তমান সময়ৰ সক্ৰিয় নেতা,অসম প্ৰদেশ কংগ্ৰেছৰ অবিচি চেয়াৰমেন মনোজ ধানোৱাৰৰ উপস্থিতিত এই বৃহৎ সংখ্যক যুৱকে দলটোত যোগদান কৰে ।

ডিব্ৰুগড়ত দুশ যুৱকৰ কংগ্ৰেছত যোগদান

অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডা,সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সম্পাদক তথা অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ তত্বাৱধায়ক প্ৰীতম কৰ্মকাৰ,অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীৰ লগতে গুৰু দ্বায়িত্বত থকা ভালেমান যুৱ কংগ্ৰেছী উপস্থিত থাকে । আজি ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিৰ চাউলউখোৱা অডিটৰিয়ামত ডিব্ৰুগড় জিলা যুৱ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত এইসকল যুৱকে যোগদান কৰে দলটোত ।

লগতে পঢ়কঃ তিনিচুকীয়া উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ বাঘজানবাসীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.