ETV Bharat / city

ক’ভিড পৰিস্থিতিক কেন্দ্ৰকৰি চৰাইদেউত ১৪৪ ধাৰা জাৰি - দা আসাম ক'ভিড -১৯ ৰেগুলেচনছ, ২০২০

ক’ভিড-19ৰ নীতি নিৰ্দেশনা এতিয়াও বাহাল আছে ৰাজ্যত ৷ কিছু শিথিল কৰা হৈছে ক’ভিডৰ নীতি নিৰ্দেশনা পূৰ্ৱৰ তুলনাত ৷ তাৰ মাজতে চৰাদেউ জিলাত জিলা দণ্ডাধীশে জাৰি কৰিছে এক বিশেষ নীতি নিৰ্দেশনা ৷ যি সকলে নামানিব আইন-কানুন তেওঁলোকৰ বিৰুদ্ধে গ্ৰহণ কৰিব কঠোৰ বৱ্যস্থা ৷

ক’ভিড পৰিস্থিতিক কেন্দ্ৰকৰি চৰাইদেউত ১৪৪ ধাৰা জাৰি

author img

By

Published : Aug 10, 2021, 10:52 PM IST

মৰাণ, 10 আগষ্ট : সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ক’ৰণা মহামাৰীয়ে এক বিভিষীকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছিল ৷ সম্প্ৰতি এই মহামাৰী ক’ৰণাৰ প্ৰকোপ কিছু পৰিমাণে কমি আহিছে যদিও ইয়াৰ আতংক কমা নাই ৷ ৰাজ্য চৰকাৰে শেহতীয়াকৈ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্যৰাখি ক’ভিড-19ৰ নীতি নিৰ্দেশনা জাৰি কৰি আহিছে সময়ে সময়ে ৷

এতিয়া কিছু পৰিমাণে ক’ভিডৰ নীতি নিৰ্দেশনা শিথিল কৰিছে ৰাজ্য চৰকাৰে ৷ অৱশ্যে যি কেইখন জিলাত ক’ভিড সংক্ৰমণ কমা সেই কেইখন জিলাত এতিয়াও ক’ভিডৰ নীতি নিৰ্দেশনা কঠোৰভাৱে বাহাল আছে ৷ সেই অনুসৰিয়ে চৰাইদেউ জিলাৰ জিলা দণ্ডাধীশে " দ্য আসাম ক'ভিড -১৯ ৰেগুলেচনছ, ২০২০" ৰ ৩৪ নং ধাৰাৰ লগতে ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত এক নিৰ্দেশ প্ৰদান কৰিছে ৷

ক’ভিড পৰিস্থিতিক কেন্দ্ৰকৰি চৰাইদেউত ১৪৪ ধাৰা জাৰি
ক’ভিড পৰিস্থিতিক কেন্দ্ৰকৰি চৰাইদেউত ১৪৪ ধাৰা জাৰি

এই নিৰ্দেশৰ জৰিয়তে সমগ্ৰ চৰাইদেউ জিলাখনতে প্ৰযোজ্য হোৱাকৈ ৰাজহুৱা স্থান, কৰ্মক্ষেত্ৰ, কাৰ্যালয়ত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে ৷ লগতে ৰাজহুৱা স্থানত ৫ জন বা ততোধিক লোক গোট খোৱা আৰু ৰাজহুৱা স্থানত থু-পেলোৱাটো সৰ্ম্পূণ ৰূপে নিষিদ্ধ কৰিছে ।

আনহাতে, যি সকলে এই নিৰ্দেশ ভংগ কৰে তেওঁলোক বিৰুদ্ধে Disaster Management Act-২০০৫ ৰ অধীনৰ ধাৰা ৫১ ৰ পৰা ৬০ লৈকে আৰু আইপিচিৰ ১৮৮ ধাৰা অনুসৰি আইনমতে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিৰ্দেশটোৰ জৰিয়তে সকিয়াই দিয়ে চৰাইদেউ জিলাৰ জিলা দণ্ডাধীশে । উল্লেখযোগ্য যে, শেহতীয়াকৈ সোমবাৰে প্ৰকাশ কৰা ক’ভিড নতুন নীতি নিৰ্দেশনা অনুসৰি সন্ধ্যা 5 বজালৈকে সকলো দোকান-পোহাৰ খোলাৰ অনুমতি প্ৰদান কৰা হৈছে ক’ভিড সংক্ৰমণ হ্ৰাস পোৱা জিলাকেইখনত ৷

মনকৰিবলগীয়া যে, অহা 16 আগষ্টৰ পৰা আন্তঃজিলা যাতায়ত ব্যৱস্থা পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়কঃ দাবী কৰা ধন নিবলৈ আহি আৰক্ষীৰ জালত পৰিল ভুৱা উগ্ৰপন্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.