মৰাণ,10 মে': খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপ স্বাস্থ্য কেন্দ্ৰত সোমবাৰৰ দিনটোতে ৯৩ জন লোকৰ দেহত কৰ’ণাক উপস্থিতি পোৱা গৈছে । ইয়াৰে খোৱাং স্বাস্থ্যকেন্দ্ৰৰ ৮২ জন, চাৰি জন চৰাইদেউৰ, এজন গোলাঘাটৰ, এজন শিৱসাগৰৰ, দুজন নাহৰণি ব্লকৰ আৰু আন তিনিজন বৰবৰুৱা ব্লকৰ নিবাসী বুলি জানিব পৰা গৈছে ৷ খোৱাং প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত চিকিৎসালয়ত সোমবাৰলৈকে মুঠ ৮২২ গৰাকী ব্যক্তি ক'ভিডত আক্ৰান্ত হয় ।
ইফালে চৰাইদেউৰ পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত সোমবাৰে 7 জনকৈ লোকৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে । ইয়াকে লৈ পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সৰ্বমুঠ ১৭০ জন লোকৰ দেহত ক'ভিড-19 ৰ অৱস্থিতি ধৰা পৰিছে । চিকিৎসকসকলে জানিবলৈ দিয়া মতে, আক্ৰান্ত প্ৰায় সংখ্যক লোককে হোম আইছ’লেচনত ৰখা হৈছে । দুয়োখন জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলত ৯৯২ জন লোক ক'ভিডত আক্ৰান্ত হৈছে ।
খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত লেঙেৰী আদৰ্শ ক'ভিড কেয়াৰ চেণ্টাৰলৈ ক'ভিডত আক্ৰান্ত মৰাণৰ নেমুপথাৰ নিৱাসী বাবুলাল ইক্কাক (৫৫) সংকটজনক অৱস্থাত অনা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ মৃত লোকজনক ক'ভিড প্ৰট'কল অনুসৰি সৎকাৰৰ ব্যৱস্থা কৰে প্ৰশাসনে । বৃহত্তৰ মৰাণ অঞ্চলত সোমবাৰলৈকে ৮ জন লোকে ক'ভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় ৷
লগতে পঢ়ক : শপত গ্ৰহণৰ পূৰ্বে ঈশ্বৰ শ্ৰীশ্ৰী হাটী সত্ৰত উপস্থিত ড৹ হিমন্ত বিশ্ব শৰ্মা