ETV Bharat / city

ধুবুৰীত স্বামীগৃহত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ

author img

By

Published : Jul 31, 2020, 9:58 AM IST

স্বামী গৃহতে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় মহিলাৰ মৃতদেহ । তেওঁৰ ওপৰত বিভিন্ন সময়ত স্বামী পৰিয়ালে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে । স্থানীয় একাংশ ৰাইজেও এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে ।

WOMEN SUSPECTED MURDER IN DHUBURI
ধুবুৰীত স্বামীগৃহত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ

ধুবুৰী, 31 জুলাই : ধুবুৰীত এগৰাকী গৰ্ভৱতী মহিলাৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । বৃহস্পতিবাৰে দিনত স্বামী গৃহতে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ । দুবছৰ পূৰ্বে সম্পূৰ্ণ সামাজিক নীতি নিয়মেৰে ধুবুৰী অয়ৰান জংলাৰ বাসিন্দা মুনজুৰুল শিকদাৰৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল মহিলাগৰাকী । তেওঁৰ ওপৰত বিভিন্ন সময়ত স্বামী পৰিয়ালে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে । স্থানীয় একাংশ ৰাইজেও এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে ।

ঘটনাৰ খবৰ লাভ কৰাৰ পাচতেই ধুবুৰী এ এম কো ৰোড আৰক্ষী চাউনীৰ ভাৰপ্ৰাপ্ত বিষয়া হাছেন আলীয়ে ঘটনাস্থালীত উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । মৃত মহিলাগৰাকীক স্বামী ‍মুনজুৰুল শিকদাৰৰ লগতে শহুৰ মজিবৰ শিকদাৰ আৰু শাহুৱেকে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে । ঘটনা সংন্দৰ্ভত মহিলাগৰাকীৰ পিতৃ পৰিয়ালে স্থানীয় আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে । উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । স্বামী মুনজুৰুল শিকদাৰ বৰ্তমানেও পলাতক বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : দেৱব্ৰত শইকীয়াৰ দেহৰক্ষীৰ দেহত ক’ভিড-19

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.