ETV Bharat / city

উন্নয়নৰ সম্পূৰ্ণ বিপৰীত দিশত অৱস্থান ধুবুৰীৰ এটা বৃহত্তৰ অঞ্চল - BJP Govt

সৰু বাঁহৰ সাঁকোৰে প্ৰতিদিনে আহ-জাহ বাইক আৰোহী,কণ-কণ শিশু,পুৰুষ-মহিলাৰ ৷ ফলত ক্ষুদ্ধ জনতাৰ প্ৰশ্ন বৃহত্তৰ জৰুৱা-বন্দিহানা অঞ্চলত আছে নে নাই জন প্ৰতিনিধি ৷ কাৰণ বৃহত্তৰ অঞ্চলটোৰ প্ৰায় এশ শতাংশ বাটৰেই একেই অৱস্থা ।

উন্নয়নৰ সম্পূৰ্ণ বিপৰীত দিশত অৱস্থান ধুবুৰীৰ এটা বৃহত্তৰ অঞ্চল

author img

By

Published : Sep 10, 2020, 6:51 PM IST

ধুবুৰী, 10 ছেপ্তেম্বৰ : দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত এক বৃহত্তৰ অঞ্চলটোৰ সাতটা পঞ্চায়তৰ যাতায়ত ব্যৱস্থাই নৰক যন্ত্ৰণা ভোগাইছে অঞ্চলবাসীক। ধুবুৰী জিলাৰ এই বৃহত্তৰ অঞ্চলটো হৈছে জৰুৱা-বন্দিহানা ।

ধুবুৰীৰ বৃহত্তৰ অঞ্চলত জৰাজীৰ্ণ যাতায়ত ব্যৱস্থা

উন্নয়ন আৰু পৰিৱৰ্তনৰ শ্ল’গান লৈ দিছপুৰৰ গাদী দখল কৰিছিল বিজেপি নেতৃত্বাধীন সোণোৱাল চৰকাৰে । কিন্তু ৰাজ্যৰ সোণোৱাল চৰকাৰৰ দিনত উন্নয়নৰ সম্পূৰ্ণ বিপৰীত দিশত অৱস্থান কৰিছে ধুবুৰীৰ এই বৃহত্তৰ অঞ্চলটোৱে ৷ পথৰ জৰাজীৰ্ণ অৱস্থাত জীয়াতু ভুগিছে স্থানীয় লোকে ৷ ভঙা চিঙা বাঁহৰ সাঁকোৰে বিপদ সংকূল যাত্ৰা বাইক আৰোহীৰ ৷

অতিষ্ঠ ৰাইজৰ প্ৰশ্ন উত্থাপন বৃহত্তৰ জৰুৱা বন্দিহানা অঞ্চলত আছে নে নাই জন প্ৰতিনিধি ৷ কাৰণ অঞ্চলটোৰ মাঝেৰ আলগা প্ৰথমখণ্ডৰ এইখন পথেই নহয় । বৃহত্তৰ অঞ্চলটোৰ প্ৰায় এশ শতাংশ বাট পথৰেই একেই অৱস্থা ।

টুলুঙা নাৱেৰে বিপদ সংকূল যাত্ৰা
টুলুঙা নাৱেৰে বিপদ সংকূল যাত্ৰা
আনহাতে এক বৃহৎ জলাশয়ৰ মাজৰে এখন সৰু টুলুঙা নাৱেৰে বিপদ সংকূল ভাৱে যাতায়ত কৰি আহিছে স্থানীয় লোকসকলে । অৱশ্যে এইয়া কোনো স্থায়ী নৈ বা বিল নহয় । ইয়াত আছিল এখন গুৰুত্বপূৰ্ণ পথ । ঝৰণাৰ চৰ গাঁৱৰ এই একমাত্ৰ পথেৰে বৃহত্তৰ জৰুৱা বন্দিহানা অঞ্চলৰ কেইবাখনো গাঁৱৰ ৰাইজৰ বহিঃজগতৰ সৈতে যোগাযোগ স্থাপন কৰিছিল। কিন্তু বিগত বানে উটুৱাই লৈ যায় পথটোৰ বৃহৎ অংশ। ফলত জলাশয়ত পৰিণত হয় পথটো ।

স্থানীয় এজন লোকে এখন টুলুঙা নাৱেৰে ৰাইজৰ যাতায়তৰ ব্যৱস্থা কৰিছে যদিও অঞ্চলটোৰ মূল পথটো এইদৰে বিচ্ছিন্ন হৈ পৰাত এক জ্বলন্ত সমস্যাৰ সন্মুখীন হৈছে শ-শ লোক। আনহাতে বানে উটুৱাই লৈ যায় জলাশয়ৰ দুয়ো পাৰে থকা জমসেৰ আলী আৰু চমসেৰ মোল্লাৰ বাসগৃহৰ বৃহৎ অংশ । কিন্তু এইক্ষেত্ৰত বৰ্তমানেও গুৰুত্ব প্ৰদান কৰা নাই স্থানীয় কোনো জনপ্ৰতিনিধিয়ে ৷

উল্লেখ্য যে,নামনি অসমৰ ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ উত্তৰ অঞ্চলৰ বৃহত্তৰ জৰুৱা বন্দিহানা অঞ্চলৰ প্ৰতিটো বাট পথ দশক-দশক জৰাজীৰ্ণ । তাৰোপৰি যোৱা বানৰ সময়ত ইয়াৰ বাট-পথ সমূহ সম্পূৰ্ণ ৰূপে জৰাজীৰ্ণ হৈ পৰিছে । ঠায়ে ঠায়ে দ খাৱৈ,পুখুৰী সদৃশ গাত সৃষ্টি হোৱাত ৰাইজে যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগিবলগীয়া হৈছে । অঞ্চলটোৰ মাজেৰে থকা মাজেৰচৰ-বন্দিহানা পি এম জি ৱাই ৰাস্তাৰ লগতে বাহিৰ শালমাৰা জিলা পৰিষদ সমষ্টিৰ অধিনত সাতটা গাওঁ পঞ্চায়তৰ প্ৰায়বোৰ বাট পথ বিগত বানৰ ফলত ব্যপক ক্ষতি হোৱাত অঞ্চলটোৰ ৰাইজে যাতায়তৰ নামত নৰক যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে ।

উল্লেখ্য যে, এই ক্ষেত্ৰত স্থানীয় সাংসদ বিধায়কৰ লগতে স্থানীয় পঞ্চায়ত প্ৰতিনিধি সকলেও নীৰৱ ভূমিকা অৱলম্বন কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ বছৰ বছৰ ধৰি যাতায়তৰ নামৰ নৰক যন্ত্ৰণা ভোগ কৰি অহা ইয়াৰ জনসাধাৰণৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা নাই আনকি চৰকাৰেও । সেয়েহে অৱশেষত আগন্তুক নিৰ্বাচনৰ পূৰ্বে অঞ্চলটোৰ বিধ্বস্ত বাট পথ তৎকালীন ভাবে মেৰামতি কৰাৰ দাবী জনাইছে ভুক্তভোগী ৰাইজে ।

লগতে চাওক-শুকুৰবাৰলৈ স্থগিত ৰখা হৈছে ৰিয়া চক্ৰৱৰ্তীৰ শুনানি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.