ধুবুৰী, ৯ নৱেম্বৰ : ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ ৰমেন ডেকাই সোমবাৰে ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত প্ৰত্যাশাপূৰ্ণ জিলা হিচাপে ধুবুৰীত ৰূপায়ন হৈ থকা আঁচনিবোৰৰ লগতে বিভিন্ন বিভাগৰ কাম-কাজ পৰ্যালোচনা কৰে ৷ জিলা উপায়ুক্ত আন্বামুথান এম পি, জিলা উন্নয়ন আয়ুক্ত কান্তা দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামী, বিলাসীপাৰাৰ মহকুমাধিপতি জয় শিৱানী প্ৰমুখ্যে বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত ৰমেন ডেকাই প্ৰথমে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কামৰ বুজ লয় ৷

শিক্ষা বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰি ৰমেন ডেকাই বিভাগটোৰ বিষয়াসকলক নতুন শিক্ষা নীতিৰ ওপৰত গুৰুত্ব দিবলৈ কয় ৷ আয়োগৰ উপাধ্যক্ষগৰাকীয়ে কৃষি বিভাগৰ বিষয়াসকলক আধুনিক পদ্ধতিৰে লাভজনক খেতি কৰা খেতিয়কৰ তালিকা প্ৰস্তুত কৰিবলৈ আৰু নিয়মীয়াকৈ খেতিপথাৰ পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়ে ৷ কৃষি বিভাগৰ কামৰ পৰ্যালোচনাৰ সময়ত জিলা উপায়ুক্তই বিলাসীপাৰা মহকুমাত হোৱা পৰ্যাপ্ত পৰিমাণৰ জলকীয়া উৎপাদনৰ কথা উল্লেখ কৰে৷ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিষয়াসকলক ৰাজ্যিক জীৱিকা অভিযানৰ সুযোগ ল’বলৈ ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষগৰাকীয়ে আহ্বান জনায় ৷
অসম কৃষি বিশ্ববিদ্যালয়ৰ সৈতে আয়োগে গ্ৰহণ কৰা 'সমৃদ্ধি হাঁহ-কুকুৰা পালন' প্ৰকল্পৰ কথা উল্লেখ কৰি তেওঁ বিভাগটোৰ বিষয়াসকলক কাৰিকৰী সহায়ৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায় ৷ স্ব-নিয়োজনৰ সুযোগ সৃষ্টিৰ বাবে অধিক সংখ্যক দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন কৰাত তেওঁ গুৰুত্ব দিয়ে৷ জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰূপায়ণ কৰি থকা জল জীৱন মিছনৰ পৰ্যালোচনা কৰি কাৰ্যকৰী কৰা পানীযোগান প্ৰকল্পবোৰ নিৰীক্ষণ কৰি থাকিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে ৷
একেদৰে মীন বিভাগে ৰূপায়ণ কৰা 'ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ' আঁচনিৰ হিতাধিকাৰীৰ তালিকা জমা দিবলৈও ৰমেন ডেকাই বিভাগটোৰ বিষয়াক নিৰ্দেশ দিয়ে আৰু আঁচনিখনৰ ক্ষেত্ৰভিত্তিক ৰূপায়ন নিৰীক্ষণৰ বাবে দণ্ডাধীশক দায়িত্ব দিবলৈ জিলা উপায়ুক্তক পৰামৰ্শ দিয়ে ৷ বৈঠকত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰৱন্ধকে জনায় যে, কোনো 'ষ্টাৰ্ট আপ' জিলাখনত আৰম্ভ হোৱা নাই ৷ উপাধ্যক্ষগৰাকীয়ে কৃষি বিভাগ আৰু মীন বিভাগৰ সৈতে যুটীয়াভাৱে এই বিষয়ত সজাগতা শিবিৰ আয়োজনৰ পৰামৰ্শ দিয়ে ৷
আনহাতে সমাজ কল্যাণ বিভাগৰ আঁচনি পৰ্যালোচনাৰ সময়ত জিলা উপায়ুক্তই পুষ্টিহীনতাত ভোগা শিশুৰ বাবে জিলাখনত বিশেষ আঁচনি গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ৷ বৈঠকত উপাধ্যক্ষগৰাকীয়ে লোক নিৰ্মাণ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, বন, হস্ততাঁত আৰু বস্ত্ৰশিল্প আদি বিভাগৰো কাম-কাজ পৰ্যালোচনা কৰে ৷
সভাৰ অন্তত ধুবুৰী আৱৰ্ত ভৱনত এখন সংবাদমেল সম্বোধন কৰি ঐতিহাসিক জিলাখনৰ সৰ্বাংগীণ উন্নয়নৰ প্ৰশংসা কৰে ৰমেন ডেকাই । তেওঁ লগতে জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ তদাৰক কৰিবলৈ জিলা উপায়ুক্ত আন্বামুথান এম পিক দায়িত্ব দিয়া বুলি সংবাদমেলত সদৰী কৰে ।
লগতে পঢ়ক : বিকশিত অসম ! ধুবুৰীৰ জুইশলা কাৰখানা পুনৰুজ্জীৱিতকৰণৰ দাবী