ETV Bharat / city

মহামায়া মন্দিৰৰ চুৰিকাণ্ডত জড়িত 7 জনক আটক

author img

By

Published : Apr 12, 2021, 9:15 PM IST

বগৰীবাৰী আৰক্ষীৰ বৃহৎ সাফল্য ৷ মা মহামায়া মন্দিৰত চুৰিকাণ্ডৰে নামনি অসমবাসীৰ নিদ্ৰাহৰণ কৰা ৭ চোৰক আটক আৰক্ষীৰ ৷

মা মহামায়া মন্দিৰৰ চুৰিকাণ্ডত জড়িত 7 চোৰক আটক

পশ্চিম বিলাসীপাৰা,12 এপ্ৰিল: সোমবাৰে ধুবুৰী কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী শক্তিৰ পীঠস্থান মা মহামায়া মন্দিৰত হোৱা চুৰিকাণ্ডত জড়িত ৭ জন চোৰক শেহতীয়াকৈ আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ আৰক্ষীয়ে চোৰৰ দলটোৰ পৰা বৃহৎ পৰিমাণৰ সোণ-ৰূপৰ আ-অলংকাৰৰ লগতে AS 01 AJ 6976 নম্বৰৰ এখন চেভ্ৰলেট বাহন আৰু 4 টা ম’বাইল উদ্ধাৰ কৰে ৷ উল্লেখ্য যে, যোৱা ২৯ মাৰ্চৰ নিশা ঐতিহ্যমণ্ডিত মন্দিৰটোত চুৰি কাণ্ড সংঘটিত হৈছিল ৷

ঘটনাটো সংঘটিত হোৱাৰ পিছতেই আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছিল ৷ অভিযান চলাই সোমবাৰে চুৰি কাণ্ডত জড়িত থকা অভয়াপুৰীৰ হুছেইন আলী, বৰকান্দাৰ হবিবৰ ৰহমান, ছাইদুল ইছলাম আৰু ৰপিজুল হক, ধুবুৰীৰ জহিৰুল ইছলাম আৰু মইনুদ্দিন শ্বেখ, বিলাসীপাৰাৰ সৰবেশ আলীক আটক কৰে আৰক্ষীয়ে ৷

লগতে পঢ়ক : 200 বছৰীয়া পুৰণি মন্দিৰত পূজাৰীক বান্ধি লুটপাত ডকাইতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.