ধুবুৰী, ২১ মে': বৃহস্পতিবাৰে পুৱাই ৰাজ্য়বাসী তথা সংবাদগোষ্ঠীৰ বাবে আহিছে এক দুঃসংবাদ । পুৱা চাৰি মান বজাত ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক মোজাহিদুল হকৰ পৰলোকপ্ৰাপ্তি ঘটে । দীৰ্ঘ দিন ধৰি বৃক্ক আৰু মধুমেহ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল জ্যেষ্ঠ সাংবাদিকগৰাকী । কিন্তু বৃহস্পতিবাৰে অৱশেষত পুৱা চাৰিমান বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় জ্যেষ্ঠ সাংবাদিক মোজাহিদুল হকৰ ৷
জানিব পৰা মতে, নব্বৈৰ দশকত সংবাদ জগতত ভৰি দিছিল মোজাহিদুল হকে । গুৱাহাটীৰ পৰা প্ৰকাশিত নতুন দৈনিক, আজিৰ বাতৰি কাকত, আমাৰ অসম, চেণ্টিনেল, সাদিন প্ৰতিদিন গোষ্ঠীৰ প্ৰতিদিনত ষ্টাফ সাংবাদিক হিচাপে সংবাদ সেৱা আগবঢ়োৱাৰ পাচত ২০০১ চনৰ পৰা তেওঁ অসমীয়া খবৰ কাকতত ষ্টাফ ৰিপৰ্টাৰ, উপ সম্পাদক হিচাপে সেৱা আগবঢ়াইছিল । ইয়াৰ পাচতে ২০১১ চনত অসমীয়া খবৰৰ কাৰ্যবাহী সম্পাদকৰ দায়িত্বভাৰো গ্ৰহণ কৰিছিল হকে । লগতে অসমীয়া খবৰ কাকতৰ দেওবৰীয়া আলোচনীত 'চিন্তা নকৰিবলগীয়া চিন্তা' এটি বিশেষ কলম লিখিছিল জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে ।
মৃত্যুৰ আগেয়ে গণ অধিকাৰ আৰু দৈনিক অগ্ৰদূত কাকতত এক বিশেষ কলম লিখি আছিল জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে । দীৰ্ঘ দিনৰে পৰা বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা জ্যেষ্ঠ সাংবাদিকগৰাকী গুৱাহাটীৰ দিছপুৰ পলিক্লিনিক হাস্পতালত ভৰ্তি হৈ আছিল যদিও অৱশেষত পুৱা চাৰি বজাত শেষ নিঃশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁ ইহ সংসাৰত এৰি থৈ যায় এগৰাকী কণমানি পুত্ৰ সন্তান আৰু পত্নীক ।
অসমীয়া খবৰৰ প্ৰাক্তন কাৰ্যবাহী সম্পাদক গৰাকীৰ মৃত্যুত তেওঁৰ জন্মভূমি ধুবুৰীত শোকৰ ছাঁ পৰিছে ।