গোলকগঞ্জ, 23জুনঃ ধুবুৰী জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ সত্ৰশালত অৱস্থিত ৰামৰাইকুঠী সত্ৰত পোন প্ৰথম বাৰৰ বাবে বাতিল কৰিলে ৰথযাত্ৰাৰ অনুষ্ঠান ৷ প্ৰায় 350 বছৰে সত্ৰখনত উদযাপন কৰি আহিছিল এই ৰথ যাত্ৰা অনুষ্ঠানৰ ৷
উল্লেখ্য যে, ধুবুৰী জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ সত্ৰশালত অৱস্থিত ৰামৰাইকুঠী সত্ৰত জগৎগুৰু শ্ৰীমন্ত শংকৰ দেৱৰ উপস্থিতিত চিলাৰায় আৰু আই ভুৱনেশ্বৰীৰ বিবাহ সম্পন্ন হৈছিল ৷ যাৰবাবে চিলাৰায়ৰ ভাতৃ কোচৰজা নৰনাৰায়ণে সত্ৰত উপহাৰ হিচাপে আগবঢ়াই এখন পিতলৰ ৰথ | উল্লেখ্য যে, প্ৰায় 350 বছৰ ধৰি এই সত্ৰখনত ৰথযাত্ৰা অনুষ্ঠান অনুষ্ঠিত হৈ আহিছিল ৷ এই ৰথযাত্ৰাৰ উৎসৱৰ দিনা মণিকূটৰ পৰা বাহিৰত উলিয়াই ভকত বৈষ্ণৱ সকলে কীৰ্তনঘৰত সাত বাৰ প্ৰদক্ষিণ কৰে ৷ এই ৰথ যাত্ৰা অনুষ্ঠানৰ দিনাখন অসমৰ লগতে পশ্চিমবংগৰ পৰাও লক্ষাধিক লোকৰ আগমন হয় ৷ কিন্তু কৰ'ণা মহামাৰীৰ বাবে চৰকাৰ দিয়া নিৰ্দেশ মানি এই বৰ্ষত ৰামৰাইকুঠী সত্ৰৰ পৰিচালনা সমিতিয়ে ৰথযাত্ৰা অনুষ্ঠানটো বাতিল কৰে বুলি সত্ৰৰ সত্ৰাধিকাৰ জিতেন্দ্ৰ নাথ প্ৰধানীয়ে অৱগত কৰে ৷
লগতে পঢ়ক- পুৰীত আৰম্ভ হ'ল জগন্নাথ ৰথযাত্ৰা