ETV Bharat / city

তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিল সন্দৰ্ভত ধুবুৰী জিলা উপায়ুক্তৰ সংবাদমেল

author img

By

Published : Mar 20, 2021, 11:12 AM IST

ধুবুৰী জিলা উপায়ুক্তৰ সংবাদমেল । ধুবুৰী নিৰ্বাচনী জিলাৰ তিনি সমষ্টিত মুঠ ২৭ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল । ধুবুৰীত তুংগত নিৰ্বাচনী প্ৰচাৰ ৷

ধুবুৰী জিলা উপায়ুক্তৰ সংবাদমেল
ধুবুৰী জিলা উপায়ুক্তৰ সংবাদমেল

ধুবুৰী, 20 মাৰ্চঃ তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ সন্দৰ্ভত ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত সংবাদমেল । তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ শুকুৰবাৰে আছিল অন্তিম দিন ৷ অন্তিমটো দিনত ধুবুৰী জিলাৰ তিনিটা সমষ্টিত মুঠ ২৭ গৰাকী প্ৰাৰ্থীয়ে নিজৰ মনোনয়ন দাখিল কৰে । জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতাই সংবাদমেলত এই তথ্য সদৰি কৰে । জিলা উপায়ুক্ত গৰাকীয়ে ধুবুৰী জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ মনোনয়ন পত্র দাখিল কৰা প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা অনুসৰি, ২৩ নং ধুবুৰী বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ বিজেপি দলৰ প্ৰাৰ্থী ডঃ দেৱময় সান্যাল, এছ ইউ চি আই দলৰ দেৱান হাবিবুৰ ৰহমান, এ আই ইউ ডি এফ দলৰ নজৰুল হক, জে ডি ইউ দলৰ তাহাবিল আলম সৰকাৰ, এজেপি দলৰ আজাদ আলী সেখ, ৰাইজৰ দলৰ ৰছুল হক আনহাতে নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে জাহান উদ্দিন, মোবাৰক হুছেইন আৰু নজিবুল ওমৰ ।

তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিল সন্দৰ্ভত ধুবুৰী জিলা উপায়ুক্তৰ সংবাদমেল

ইপিনে ২৪ নং গৌৰীপুৰ বিধান সভা সমষ্টিৰ এ আই ইউ ডি এফৰ নিজানুৰ ৰহমান, আৰ পি আই দলৰ মিৰ হুছেইন সৰকাৰ, জে ডি ইউ দলৰ জব্বাৰ আলী, বিজেপি দলৰ বনেন্দ্ৰ কুমাৰ মুছাহাৰী, ৰাইজৰ দলৰ আব্দুৰ ৰেজ্জাক হুছেইনৰ লগতে নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে খগেন্দ্র নাথ ৰায়, নিৰঞ্জন প্ৰধানী আৰু অকুল বৰ্মন । একেদৰে ২৫ নং গোলকগঞ্জ বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ প্ৰাৰ্থীৰ ভিতৰত আছে বিজেপিৰ অশ্বিনী ৰায় সৰকাৰ, কংগ্ৰেছৰ আব্দুচ ছোবাহান আলী সৰকাৰ, এজেপি দলৰ আতিকুৰ ৰহমান, তৃণমূল কংগ্ৰেছৰ সহিদুৰ ৰহমান, ৰাইজৰ দলৰ নিলীময় প্ৰধানী, আৰ ইউ চি দলৰ মমিনুৰ আলম, এন আৰ চি দলৰ গোলাম ছানোৱাৰ সৰকাৰৰ লগতে আবু তাহেৰ বেপাৰী আৰু পাপলী সাহা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে বুলি সদৰি কৰে জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতাই ।

লগতে পঢ়কঃ চামগুৰিৰ কনুৱামাৰিত কংগ্ৰেছ-বিজেপি কৰ্মীৰ সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.