ETV Bharat / city

সাংবাদিক ৰাজীৱ শৰ্মাঃ বিলাসীপাৰাত উত্তাল প্ৰতিবাদ - ধুবুৰী

ষড়যন্ত্ৰমূলক ভাৱে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সাংবাদিক ৰাজীৱ শৰ্মাক ৷ ফলত পিতৃৰ অকাল মৃত্যুক সাৱতি ল'ব লগা হোৱাৰ ঘটনাৰ বিৰুদ্ধে বিলাসীপাৰাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল সংগঠনৰে ৷ অতি শীঘ্ৰে দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰী সকলে ৷

PRESS CLUB PROTEST AT BILASHIPARA
সাংবাদিক ৰাজীৱ শৰ্মাঃ বিলাসীপাৰাত উত্তাল প্ৰতিবাদ
author img

By

Published : Jul 20, 2020, 4:29 PM IST

পশ্চিম বিলাসীপাৰা,20 জুলাইঃ ধুবুৰীৰ সাংবাদিক ৰাজীৱ শৰ্মাক ষড়যন্ত্ৰ মূলক ভাৱে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত সোমবাৰে অৱস্থান ধৰ্মঘট পালন কৰে ৷ বিলাসীপাৰা প্ৰেছ ক্লাবৰ প্ৰাংগণত ক'লা বেজ পৰিধান কৰি প্ৰেছ ক্লাৱৰ সদস্য সকলৰ লগতে আছুকে ধৰি বিভিন্ন দল সংগঠনৰ সদস্য সকলে অংশ গ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত ৷

সাংবাদিক ৰাজীৱ শৰ্মাঃ বিলাসীপাৰাত উত্তাল প্ৰতিবাদ

উল্লেখ্য যে,সাংবাদিক ৰাজীৱ শৰ্মাৰ বিৰুদ্ধে ধুবুৰী জিলা বন বিষয়া বিশ্বজিৎ ৰায়ে দাখিল কৰা ভুৱা গোচৰৰ ভিত্তিত সাংবাদিক শৰ্মাক ধুবুৰী আৰক্ষীয়ে ১৩ জুলাইৰ মাজ নিশা গ্ৰেপ্তাৰ কৰিছিল ৷ এনে ঘটনাৰ মৰ্মবেদনাত হৃদযন্ত্ৰ বন্ধ হৈ সিদিনা সাংবাদিক গৰাকীৰ পিতৃ মৃত্যু মুখত পৰে ৷ এনে ঘটনাৰ প্ৰতিবাদত বন বিষয়া জনৰ লগতে ধুবুৰীৰ আৰক্ষী অধীক্ষক যুৱৰাজক চাকৰিৰ পৰা নিলম্বনৰ দাবী তুলি বিলাসীপাৰা প্ৰেছ ক্লাবত প্ৰাংগণত সোমবাৰে সাংবাদিক সকলে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত বিলাসীপাৰা আছু,গৰিয়া মৰিয়া,কৃষক মুক্তি,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,নাথ যোগী ছাত্ৰ সন্থা,আক্ৰাছুৰ আদি বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে ৷ আৰু উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে উক্ত ঘটনাৰ লগত জড়িত দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনায় ৷

লগতে পঢ়ক- পূৱ বিলাসীপাৰাত ৰেচন কাৰ্ডৰ নামত ভংয়কৰ জালিয়াতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.